सोमवार, दिसंबर 23 2024 | 04:28:42 AM
Breaking News
Home / Choose Language / Assamese / কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীত ৮-দিনীয়া “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীত ৮-দিনীয়া “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে

Follow us on:

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জনজাতীয় শিল্প, সংস্কৃতি, ৰন্ধন প্ৰণালী আৰু বাণিজ্যৰ মনোভাৱক উদযাপন, লালন-পালন আৰু প্ৰোৎসাহনৰ বাবে ৮-দিনীয়া ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ “পূৰ্বোত্তৰ আদি মহোৎসৱ” উদ্বোধন কৰে। এই কাৰ্য্যসূচীত জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকেকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতৰ জনজাতি সহযোগিতা বিপণন উন্নয়ন ফেডাৰেচন লিমিটেডৰ (TRIFED) উদ্যোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰত সামৰণি পৰিবলগীয়া উক্ত ৮-দিনীয়া পূৰ্বোত্তৰ আদি মহোৎসৱৱ দ্বাৰ প্ৰতিদিনে পুৱা ১১ বজাৰপৰা নিশা ৯ বজালৈ খোলা থাকিব।

ইয়াত উদ্বোধনী ভাষণ প্ৰদানেৰে শ্ৰী জুৱেল ওৰামে কয় যে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় সমাজখনৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই মন্ত্ৰালয়ৰ সংস্কাৰ সাধন কৰা হৈছে আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বাজেট আবন্টন বৃদ্ধি কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়।

শ্ৰী ওৰামে কয় যে — এইবাৰ জনজাতীয় লোকসকলৰ উত্থানৰ বাবে ৩.৫ লাখ কোটি টকা ব্যয় কৰা হ’ব আৰু জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। ১৫ নৱেম্বৰত পালন কৰিবলগীয়া জনজাতীয় গৌৰৱ দিৱসৰ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জামুইত অনুষ্ঠিতব্য কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব বুলি জুৱেল ওৰামে অৱগত কৰে।

এই অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয়জনজাতি পৰিক্ৰমা দপ্তৰৰ কেবিনেট মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰামসিং ৰাথৱাও উপস্থিত থাকে।

ডাঃ পেগুৱে তেওঁৰ ভাষণত জনজাতীয় সামগ্ৰীসমূহৰ সঠিক পেকেজিংব্ৰেণ্ডিংলেভেলিং আৰু বিপণনৰ ক্ষেত্ৰত তত্বাৱধানেৰে জনজাতীয় অৰ্থনীতিৰ উন্নয়ন সাধনৰ বাবে পিএম বন ধন যোজনাৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (NRLM) আৰু ট্ৰাইফেডৰ ভূমিকাত আলোকপাত কৰে।

এই মহোৎসৱত জনজাতীয় কলা আৰু শিল্পৰাজিৰ প্ৰদৰ্শন আৰু বিক্ৰী, জনজাতীয় চিকিৎসা আৰু ৰোগ উপশমকাৰী দ্ৰব্য, জনজাতীয় খাদ্য সম্ভাৰ আৰু জনজাতীয় লোক পৰিবেশন প্ৰদৰ্শন কৰা হ’ব। ইয়াত দেশৰ ১৩ খন ৰাজ্যৰ জনজাতীয় শিল্পী, চেফ, লোক নৃত্যশিল্পী/সংগীতজ্ঞসকলে অংশগ্ৰহণেৰে তেওঁলোকৰ চহকী পৰম্পৰাগত সংস্কৃতিৰ আভাস দাঙি ধৰিব।

তেওঁ কয় যে এই মহোৎসৱৰ বিষয়বস্তু হৈছেঃ “জনজাতীয় সংস্কৃতি, শিল্প, ৰন্ধন প্ৰকৰণ আৰু বাণিজ্যৰ মনোভাৱৰ উদযাপন”। ইয়াত ১০ খন ফুড ষ্টল আৰু ৮৪ খন শিল্প, গহনা আৰু বস্ত্ৰশিল্পৰ ষ্টলকে প্ৰমুখ্য কৰি ১০৪ খন ষ্টলৰ জৰিয়তে জনজাতীয় হস্তশিল্প, কলা, চিত্ৰকলা, কাপোৰ, গহনা আৰু একাধিক সম্ভাৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ওপৰিও ভিন্ন ৰাজ্যৰ ২০০ ৰো অধিক জনজাতীয় শিপিনী আৰু শিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …