रविवार, दिसंबर 22 2024 | 05:32:29 PM
Breaking News
Home / Choose Language / Assamese / গুৱাহাটীত আজি অনুষ্ঠিত কৰা হ’ল ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ তৃতীয় আঞ্চলিক অনুষ্ঠান

গুৱাহাটীত আজি অনুষ্ঠিত কৰা হ’ল ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ তৃতীয় আঞ্চলিক অনুষ্ঠান

Follow us on:

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ  ন্যায় বিভাগৰ ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ বছৰজোৰা উদযাপনৰ তৃতীয় আঞ্চলিক অনুষ্ঠান আজি আই আই টি গুৱাহাটী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ভাৰতীয় সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক  বাৰ্ষিকী আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠা  অৰ্থে  এই অভিযানৰ আয়োজন কৰা হৈছে।

অনুষ্ঠানটোত আইন আৰু ন্যায়  দপ্তৰৰ   ৰাজ্যিক মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালে মুখ্য অতিথি হিচাপে  উপস্থিত থাকে। সমবেত লোকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়  যে ভাৰতৰ সংবিধানে ভাৰতৰ নাগৰিকসকলক সুৰক্ষা দিয়ে।  অনুষ্ঠানটো আয়োজন কৰাৰ আঁৰৰ উদ্দেশ্য হৈছে দেশৰ নাগৰিকসকলক সংবিধান আৰু ইয়াৰ খচৰা প্ৰস্তুত কৰাৰ আঁৰৰ লোকসকলৰ বিষয়ে অৱগত কৰা। তেওঁ সংবিধান নিৰ্মাণত ড০ বি আৰ আম্বেদকাৰৰ ভূমিকা আৰু অৱদানৰ বিষয়ে বিস্তৃতভাৱে বাখ্যা কৰে। তেওঁ লগতে  সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্বৰ  বিষয়ত বিশেষ গুৰুত্ব  আৰোপ কৰি  সংবিধানৰ মুখ্য মূল্যবোধৰ কথাও উল্লেখ কৰে।তেওঁ  উপস্থিত সকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত থাকিবলৈ আৰু নাগৰিক হিচাপে তেওঁলোকৰ নিজ নিজ কৰ্তব্য পালন কৰিবলৈ উৎসাহিত কৰে।

হামাৰা সংবিধান হামাৰা সন্মান অভিযানৰ তাৎপৰ্যৰ বিষয়ে  আলোকপাত কৰি গৌহাটি উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী বিজয় বিষ্ণোই কয় যে ভাৰতৰ সংবিধান হৈছে দেশৰ মৌলিক আইন,  যি আইনে  আমাৰ দেশৰ মূল্যবোধ, নীতি আৰু শাসনৰ  কাঠামোক মূৰ্ত কৰি তোলে। দেশৰ সকলো অঙ্গৰেই সৃষ্টিৰ বাবে   সংবিধানৰ পৰা  কৰ্তৃত্ব আহৰণ কৰে আৰু ইয়াৰ পৰিকাঠামোৰ ভিতৰত  নিজ নিজ কাৰ্যসম্পাদন কৰে। তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান হৈছে সৰ্বোচ্চ আইনী কৰ্তৃপক্ষ , যি আমাৰ দেশৰ আইনী, কাৰ্যবাহী আৰু ন্যায়িক অঙ্গসমূহক বান্ধ খুৱাই  ৰাখিছে আৰু ই  নাগৰিকৰ অধিকাৰ তথা  দায়বদ্ধতা নিশ্চিত কৰাৰ লগতে দেশ খনৰ বিভিন্ন  কাৰ্যকলাপ পৰিচালনাৰ  নিৰ্দেশনা দি আহিছে।

ভাৰতৰ সংবিধান গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যাক সন্মান জনোৱাৰ বাবে গছপুলি ৰোপণৰ এক গুৰুত্বপূৰ্ণ আৰু সাংকেতিক কাৰ্যসূচীৰে আজিৰ  এই অনুষ্ঠানৰ শুভাৰম্ভনি কৰা হয়। ‘এক পেড় মা কে নাম’ৰ প্ৰচাৰ অভিযানৰ  অধীনত এই শ্ৰদ্ধাঞ্জলি দৰাচলতে দেশৰ গণতান্ত্ৰিক ভেটি গঢ়াৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্বপূৰ্ণ অথচ  প্ৰায়ে উপেক্ষিত   হৈ থকাৰ কথাকেই    আলোকপাত কৰাৰ এক প্ৰয়াস হিচাবে পৰিগণিত হৈছে।

এই উপলক্ষে্য কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে সংবিধান কট্টা নামৰ আলোচনীখনো উন্মোচন কৰে। এই আলোচনা খনত  দৈনন্দিন জীৱনত সংবিধানৰ তাৎপৰ্য বৰ্ণনা কৰা ৭৫ টা কাহিনী সন্নিবিষ্ট কৰা  হৈছে। টেলি আইন আৰু ন্যায় বন্ধু কাৰ্যসূচীৰ অংশীদাৰ তথা  ক্ষেত্ৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা ভাগ বতৰা কৰা এই কাহিনীবোৰে সংবিধানে কেনেদৰে ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰি আহিছে সেই বিষয়ত  অন্তৰ্দৃষ্টিপূৰ্ণ দৃষ্টিভংগী দাঙি ধৰিছে। ইয়াৰ উপৰি নাগৰিকসকলক তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰাৰ বাবে টেলি  আইন  আৰু ন্যায় বন্ধু কাৰ্যসূচীৰ ভূমিকাৰ বিষয়তো  গুৰুত্ব দি আঠটা পডকাষ্ট মুকলি কৰা হয় । এই পডকাষ্টসমূহৰ লক্ষ্য  হৈছে সংবিধানৰ তাৎপৰ্য আৰু ইয়াক আইনী অধিকাৰ ৰক্ষাৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ত জনসাধাৰণক  ব্যৱহাৰিক অন্তৰ্দৃষ্টি প্ৰদান কৰা।

অনুষ্ঠানটোতে   এখন কমিক বুকো উন্মোচন কৰা হয়। য’ত ১০গৰাকী  হিতাধিকাৰীৰ বাস্তৱ জীৱনৰ কাহিনী  সন্নিবিষ্ট কৰা হৈছে।  যিসকলে তেওঁলোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ টেলি আইন আৰু ন্যায় বন্ধু কাৰ্যসূচীৰ  সহায় লৈছে।  এক আকৰ্ষণীয় কমিক ফৰ্মেটত উপস্থাপন কৰা  এই  কিতাপখনৰ উদ্দেশ্য হৈছে আইনী অধিকাৰবোৰ অধিক সুলভ কৰি তোলা আৰু সাধাৰণ জনতাৰ সৈতে সম্পৰ্কিত কৰা।

গৌহাটি উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ন বিষয়া, অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ বিষয়া, গুৱাহাটী বাৰ এছ’চিয়েচনৰ অধিবক্তা, ন্যায়িক বিষয়া, উমৈহতীয়া সেৱা কেন্দ্ৰৰ (চিএছচি) ভিলেজ-লেভেল উদ্যোগী (ভিএলই), গুৱাহাটীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক, আইআইটি গুৱাহাটীৰ জ্যেষ্ঠ বিষয়াসকল তথা  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকল এই অনুষ্ঠানত   উপস্থিত থাকে।

পৃষ্ঠভূমি:

২০২৪ চনৰ ২৪ জানুৱাৰীত নতুন দিল্লীৰ ড০ বি আৰ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা ‘হামাৰা সংবিধান হামাৰা সন্মান’ অভিযানৰ উদ্দেশ্য হৈছে ভাৰতীয় সংবিধানৰ  মৰ্মাৰ্থৰ উপলব্ধি  বৃদ্ধি কৰা আৰু নাগৰিকসকলৰ মাজত আইনী অধিকাৰৰ বিষয়ে সজাগতাৰ সৃষ্টি  কৰা। এই  প্ৰচেষ্টাৰ অংশ হিচাপে  সমগ্ৰ দেশতে আঞ্চলিক ভিত্তিত  অনুষ্ঠানৰ আয়োজন কৰা হৈছে।  বিকানেৰ আৰু প্ৰয়াগৰাজে ইতিমধ্যে যোৱা বছৰত  এই সম্পৰ্কীয়  অনুষ্ঠান সফলতাৰে আয়োজন কৰিছে। গুৱাহাটীত  অনুষ্ঠিত  অনুষ্ঠান  উত্তৰ-পূবৰ বিভিন্ন সম্প্ৰদায়ৰ মাজলৈ  অভিযানৰ লক্ষ্যসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …