बुधवार, अक्तूबर 30 2024 | 06:51:55 AM
Breaking News
Home / Choose Language / Assamese / কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত জামুগুৰিৰ পাণপুৰত স্বচ্ছতা সজাগতা কাৰ্যসূচী

কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত জামুগুৰিৰ পাণপুৰত স্বচ্ছতা সজাগতা কাৰ্যসূচী

Follow us on:

গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ অধীনত  পৰিচালিত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ   তেজপুৰৰ ক্ষেত্ৰ কাৰ্যালয়ৰ  উদ্যোগত আজি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে শোণিতপুৰৰ জামুগুৰিৰ পাণপুৰত এক স্বচ্ছতা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে  সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত   পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশৰ দায়বদ্ধতাক প্ৰসাৰ কৰা।দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক সামূহিক কাম-কাজত জড়িত কৰোৱা  আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয় ।   অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱ উপস্থিত থাকে। ভাষণ প্ৰসংগত  তেওঁ চৰকাৰে গ্ৰহণ কৰা  স্বচ্ছতাৰ পদক্ষেপসমূহৰ বিষয়ে  আলোকপাত কৰি সকলোকে স্বচ্ছতাৰ  কাম-কাজত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।কাৰ্য্যসূচীত স্বচ্ছতা সম্পৰ্কীয় বিষয়সমূহকলৈ  আকস্মিক বক্তৃতা   প্ৰতিযোগিতাও  অনুষ্ঠিত কৰা হয়। এনে পদক্ষেপে  যুৱক-যুৱতীসকলক স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাৰ দায়িত্ব ল’বলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ উপৰি  স্বচ্ছতাৰ পদক্ষেপ, পৰিৱেশ সংৰক্ষণ তথা  ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে  অংশগ্ৰহণকাৰীসকলৰ জ্ঞান পৰীক্ষা কৰিবলৈ এখন  কুইজ প্ৰতিযোগিতাৰো  আয়োজন কৰা হয় ।

স্বচ্ছতাৰ বিষয়বস্তুক কেন্দ্ৰ কৰি অংশগ্ৰহণকাৰীসকলৰ কলাত্মক প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ ৰংগলী প্ৰস্তুত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। অনুষ্ঠানত পাণপুৰৰ সামূহিক স্বাস্থ্য বিষয়া ডাঃ অমিত বৰা; পাণপুৰ উচ্চতৰ মাধ্যমিক   বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমতী চিত্ৰলেখা দেৱী  আৰু শোণিতপুৰৰ অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শ্ৰী পবিত্ৰ কুমাৰ দাস আদিৰ লগতে স্থানীয় ছাত্ৰ-ছাত্ৰী আৰু বাসিন্দাসকলৰ উৎসাহী অংশগ্ৰহণে  সজাগতাৰ পৰিৱেশ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সামূহিক দায়বদ্ধতাক সুন্দৰভাবে প্ৰতিফলিত কৰে।

চিবিচিৰ দলটোৱে স্বচ্ছ আৰু সেউজ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যক্তিগত কাৰ্য্যৰ গুৰুত্বৰ  বিষয়ে  আলোকপাত কৰি  সমাজখনক আৱৰ্জনাৰ  সঠিক ব্যৱস্থাপনা আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।আজিৰ এই  অনুষ্ঠানটোৱে স্বচ্ছতাৰ ক্ষেত্ৰত  নাগৰিকসকলক জড়িত কৰাৰ বাবে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ চলি থকা প্ৰচেষ্টাকে  আলোকপাত কৰে আৰু সমগ্ৰ অঞ্চলটোত স্বচ্ছতাৰ বাৰ্তা প্ৰচাৰ কৰি স্বচ্ছ তথা  অধিক বহনক্ষম ভাৰতৰ অভিযানক শক্তিশালী কৰি তোলাত অৰিহণা  যোগায়।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে : প্ৰধানমন্ত্ৰী

ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনন্দ প্ৰকাশ …