सोमवार, नवंबर 25 2024 | 09:17:34 PM
Breaking News
Home / Choose Language / Assamese / উত্তৰ-পূবৰ পৰা লাডাখলৈ: আইএফএফআই ২০২৪ -ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু নন-ফিচাৰ ছবি

উত্তৰ-পূবৰ পৰা লাডাখলৈ: আইএফএফআই ২০২৪ -ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু নন-ফিচাৰ ছবি

Follow us on:

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) এখন  সংবাদমেলত ইণ্ডিয়ান পেনোৰামা নন-ফিচাৰ ফিল্মছ জুৰিৰ অধ্যক্ষ শ্ৰী চুব্বিয়া নাল্লামুথুৱে কয়, “আমি সমগ্ৰ দেশৰ পৰা ২৫০ তকৈও অধিক অন্তৰ্ভুক্তি লাভ কৰিছো, যিবোৰৰ ভিতৰত   উত্তৰ-পূবৰ পৰা অহা ছবিৰ সংখ্যাই  বেছি। “মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱ সৃষ্টিকৰ্তাকে ধৰি সমাজৰ  বিভিন্ন ক্ষেত্ৰৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ  অন্তৰ্ভুক্তি  দাখিল কৰিছে। সমল আৰু কাহিনী  বৰ্ণনা কৰাৰ ধৰণ  ছবি  বাছনিৰ মুখ্য চৰ্ত  আছিল,” তেওঁ লগতে কয়।

জুৰী সদস্য শ্ৰীমতী শালিনী শ্বাহে এখন লাডাখী চলচ্চিত্ৰক উদ্বোধনী চলচ্চিত্ৰ হিচাপে বাছনি কৰা হৈছে। এই বিষয়ত  নিজৰ উপলব্ধি ব্যক্ত  কৰি তেওঁ  ইয়াক “এক বিৰল আৰু গৌৰৱান্বিত অনুষ্ঠান” বুলি অভিহিত কৰে। তেওঁ হাৰিয়ানাৰ  চলচ্চিত্ৰৰ অগ্ৰগতিৰ  বিষয়তো আলোকপাত কৰে।  তেনে ছবিসমূহক   শিল্পকলাৰ উন্নতিৰ বাবে সমৰ্পিত  পদক্ষেপৰ  এক অংশ বুলি অভিহিত কৰা হৈছে।

জুৰীয়ে নন-ফিচাৰ চলচ্চিত্ৰৰ বিষয়ত  আলোকপাত কৰাৰ জৰুৰী প্ৰয়োজনীয়তা সন্দৰ্ভতো   গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী বন্দনা কোহলীয়ে কয়, “আমি সংবাদমাধ্যমত এই চলচ্চিত্ৰসমূহৰ বিষয়ে অধিক কথা  আলোচনা কৰিব  লাগিব আৰু দৰ্শক তথা  চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চলচ্চিত্ৰ ক্লাব সৃষ্টি কৰিব লাগিব।” তেওঁ পৰামৰ্শ দানৰ  গুৰুত্বৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি কয় যে যদিও ছবিসমূহৰ বিষয়বস্তু প্ৰায়ে ব্যতিক্ৰমী হয়, তথাপি সম্পাদনা আৰু কাহিনী কোৱাৰ শিল্পই পেছাদাৰী নিৰ্দেশনাৰ পৰা লাভাৱান্বিত হোৱাৰ থল আছে।

ছবিৰ ক্ষেত্ৰত উদীয়মান প্ৰৱণতাৰ বিষয়টো প্ৰতিফলিত কৰি  জুৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ছবিৰ যোগদানৰ এক আশাব্যঞ্জক বৃদ্ধিৰ কথা উল্লেখ কৰে। জুৰীয়ে  প্ৰভাৱশালী তথ্যচিত্ৰ নিৰ্মাণৰ বাবে দূৰৱৰ্তী অঞ্চললৈ ভ্ৰমণ কৰি থকা নগৰীয়া চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে, যিটো এই বছৰৰ কেইবাখনো নিৰ্বাচিত চলচ্চিত্ৰৰ বিষয়বস্তুত প্ৰতিফলিত হৈছে।

পেনেলে সামূহিকভাৱে তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অধিক সমৰ্থনৰ  আহ্বান জনায়।  জুৰীয়ে উল্লেখ কৰে যে কাৰ্যকৰী প্লেটফৰ্মৰ অভাৱৰ বাবেই ছবি নিৰ্মাণৰ ক্ষেত্ৰত  তেওঁলোকক বহু সময়ত  বাধা দিয়ে। তেওঁলোকে অ’টিটি প্লেটফৰ্মসমূহক অনা-ফিচাৰ চলচ্চিত্ৰসমূহ কমিছন আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগভাগ ল’বলৈও আহ্বান জনায়। জুৰীসদস্যসকলে  কয়, “এই ধাৰাটোক সমৰ্থন কৰাৰ বাবে সজাগতা সৃষ্টি, পুঁজি আৰু প্ৰচাৰৰ বাবে এটা সংগঠিত চেনেল অতি গুৰুত্বপূৰ্ণ।”

জুৰীয়ে লগতে পৰামৰ্শ দিয়ে যে চৰকাৰে বিত্তীয় সমৰ্থন প্ৰদান কৰাৰ বাবে ব্যক্তিগত নন-ফিচাৰ চলচ্চিত্ৰ প্ৰকল্পৰ বাবে চি.এছ.আৰ. পুঁজি প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে। তেওঁলোকে উত্তৰ-পূবত নন-ফিচাৰ চলচ্চিত্ৰসমূহৰ বাবে বিত্তীয় যোগান ধৰাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) শেহতীয়া পদক্ষেপসমূহক আদৰণি জনায়। লগতে ডকুমেণ্টৰী ৰিচ’ৰ্চ ইনিশিয়েটিভ মুকলি কৰাৰ বাবেও প্ৰশংসা কৰে।

সাতজন সদস্যৰে গঠিত নন-ফিচাৰ ফিল্ম জুৰীৰ নেতৃত্ব দিছে প্ৰখ্যাত তথ্যচিত্ৰ নিৰ্মাতা আৰু এফটিআইআইৰ প্ৰাক্তন শিক্ষাৰ্থী।  শ্ৰী চুব্বিয়া নাল্লামুথুৱে বহু আকাংক্ষিত ভি. শান্তাৰাম লাইফটাইম এচিভমেণ্ট বঁটা, পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা  লাভ কৰিছে। তেওঁ  কেইবাখনো  আন্তঃৰাষ্ট্ৰীয় তথা  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। নন-ফিচাৰ জুৰী সমিতিখন  নিম্নলিখিত সদস্যসকলকলৈ  গঠন কৰা হৈছে,  যিসকলে তেওঁলোকৰ   বহু  প্ৰশংসিত চলচ্চিত্ৰৰ বাবে সমাদৃত আৰু যিসকলে ব্যক্তিগতভাৱে বিভিন্ন চলচ্চিত্ৰ সংস্থা তথা  বৃত্তিক প্ৰতিনিধিত্ব কৰে। আনহাতে তেওঁলোকে  সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ ভাৰতীয় চলচ্চিত্ৰক  সামূহিকভাৱে প্ৰতিনিধিত্ব কৰি আহিছে।

আইএফএফআই ২০২৪-ৰ   ননা-ফিচাৰ ছবিৰ জুৰীত অন্তৰ্ভুক্ত হৈ আছে:

শ্ৰী চুব্বিয়া নাল্লামুথু (অধ্যক্ষ)

শ্ৰী ৰজনীকান্ত আচাৰ্য, প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক

শ্ৰী ৰোনেল হাওবাম, চলচ্চিত্ৰ পৰিচালক

শ্ৰীমতী ঊষা দেশপাণ্ডে, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক

শ্ৰীমতী বন্দনা কোহলী, চলচ্চিত্ৰ পৰিচালক আৰু লেখিকা

শ্ৰী মিথুনচন্দ্ৰ চৌধুৰী, চলচ্চিত্ৰ পৰিচালক

শ্ৰীমতী শালিনী শ্বাহ, চলচ্চিত্ৰ পৰিচালক

সংবাদমেলৰ সামৰণি মাৰি শ্ৰীমতী বন্দনা কোহলীয়ে মন্তব্য কৰে, “আমি তথ্যচিত্ৰসমূহ বুজিব লাগিব, সেইবোৰ হৃদয়াগম কৰিব লাগিব আৰু সেইবোৰ উদযাপন কৰিব লাগিব।” সংবাদমেল খন পৰিচালনা কৰে চৈয়দ ৰবীহাছমীয়ে ।

আই.এফ.এফ.আই. ২০২৪-ত ২৬২  খন চলচ্চিত্ৰৰ মাজৰ  পৰা বাছনি কৰা ভাৰতীয় পেনোৰামাত ২০  খন নন-ফিচাৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। নন-ফিচাৰ ফিল্মছৰ পেকেজে উদীয়মান আৰু প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সমসাময়িক ভাৰতীয় মূল্যবোধ উপলব্ধি, অনুসন্ধান, মনোৰঞ্জন আৰু সেইবোৰক প্ৰতিফলিত কৰাৰ সুবিধা প্ৰদান কৰিব। নন-ফিচাৰ শ্ৰেণীত উদ্বোধনী চলচ্চিত্ৰখনৰ বাবে জুৰিৰ পছন্দ হৈছে শ্ৰী হৰ্ষ সঙ্গনীৰ দ্বাৰা পৰিচালিত ‘ঘৰ জয়চা কুছ (লাডাখী)’।

৫৫ সংখ্যক আইএফএফআইয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰি আহিছে। লগতে এই মহোৎসৱে বিশ্বব্যাপী চলচ্চিত্ৰ সম্প্ৰদায়ৰ ভিতৰত সংযোগ বৃদ্ধি , উদ্ভাৱন আৰু সহযোগিতা বৃদ্ধি কৰিছে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

“আমাৰ অখ্যাত নায়ক বীৰ সাৱাৰকাৰৰ আচল কাহিনী কোৱাৰ দায়িত্ব নিজে লৈছিলোঃ ৰনদীপ হুডাই কয়

জীৱনীমূলক নাটক ‘স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ’ৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ দলটোৱে ৫৫সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ …