रविवार, दिसंबर 22 2024 | 06:11:52 PM
Breaking News
Home / Choose Language / Assamese / আইএফএফআই ২০২৪ ত সোণালী ময়ূৰৰ বাবে প্ৰতিযোগিতা কৰিব ১৫ খন চলচ্চিত্ৰই

আইএফএফআই ২০২৪ ত সোণালী ময়ূৰৰ বাবে প্ৰতিযোগিতা কৰিব ১৫ খন চলচ্চিত্ৰই

Follow us on:

বিশ্বজুৰি শক্তিশালী কাহিনীৰ বাবে  সমাদৃত  ১৫  খন চলচ্চিত্ৰই ৫৫ সংখ্যক   আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত বহু  আকাংক্ষিত সোণালী ময়ূৰৰ বাবে প্ৰতিযোগিতা কৰিবলৈ সাজু হৈছে। এই বছৰত প্ৰতিযোগিতাৰ শাৰীত ১২ খন আন্তৰ্জাতিক আৰু ৩  খন ভাৰতীয় চলচ্চিত্ৰ আছে। প্ৰতিযোগিতাত ভাগ লবলগীয়া  প্ৰতিখন ছবিয়েই ইয়াৰ অনন্য দৃষ্টিভংগী, কণ্ঠ আৰু শিল্পীসত্বাৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি  বাছনি কৰা হৈছে।

বিশ্বব্যাপী আৰু ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ উপস্থাপনেৰে এই প্ৰতিখন চলচ্চিত্ৰই মানৱীয় মূল্যবোধ, সংস্কৃতি আৰু কাহিনী বৰ্ণনা কৰাৰ  কলাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

এই বছৰ বহু প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰৰ নেতৃত্বত সন্মানীয় গোল্ডেন পিকক জুৰীত পুৰস্কাৰ প্ৰাপ্ত ছিংগাপুৰৰ পৰিচালক এন্থনী চেন, ব্ৰিটিছ-আমেৰিকান প্ৰযোজক এলিজাবেথ কাৰ্লচেন, স্পেনিছ প্ৰযোজক ফ্ৰান বৰগিয়া আৰু অষ্ট্ৰেলিয়াৰ কিংবদন্তি চলচ্চিত্ৰ সম্পাদক জিল বিলকক অন্তৰ্ভুক্ত কৰা হৈছে । একেদৰে এই জুৰীয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ), শ্ৰেষ্ঠ অভিনেতা (মহিলা) আৰু বিশেষ জুৰী পুৰস্কাৰকে ধৰি  নানান শ্ৰেণীবোৰত বিজয়ী নিৰ্ধাৰণ কৰিব। বিজয়ী চলচ্চিত্ৰখনে মহোৎসৱৰ অন্যতম শীৰ্ষ সন্মানৰ লগতে  ৪০ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব।

এই বছৰ প্ৰতিযোগিতাৰ শাৰীত থকা  চলচ্চিত্ৰসমূহে  আমাক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে  ধাৰণাৰ পৰিব্যাপ্তিত সহায় কৰিব বুলি  ভবা হৈছে।

ইয়াত প্ৰতিযোগিতাৰ বাবে উল্লেখনীয় মনোনয়নৰ এক আভাস দিয়া হৈছে:

১ .ফিয়েৰ এণ্ড ট্ৰেম্বলিং(ইৰাণ)

ইৰাণৰ দুগৰাকী সন্মানীয় মহিলা চলচ্চিত্ৰ নিৰ্মাতা মণিজেহ হেকমত আৰু ফেজে আজিজখানীয়ে তেওঁলোকৰ ছবি ‘ফিয়েৰ এণ্ড ট্ৰেম্বলিং’ত দ্ৰুতগতিত পৰিৱৰ্তনশীল পৃথিৱীত ভয় আৰু একাকীত্বৰ সৈতে যুঁজি থকা এগৰাকী বৃদ্ধা  মানজাৰৰ বিষয়ে এক  অন্তৰ চুই যোৱা  কাহিনী উপস্থাপন কৰিছে।

এই ইৰাণী চলচ্চিত্ৰখন এই বছৰৰ আইএফএফআইৰ এখন ৱৰ্ল্ড প্ৰিমিয়াৰ ছবি হিচাবে প্ৰদৰ্শিত হ’ব। ছবি সামাজিক পৰিৱৰ্তনৰ মাজতে ব্যক্তিগত পৰিৱৰ্তনসমূহকো প্ৰতিফলিত কৰিছে আৰু আধুনিক ইৰাণত মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰকো দাঙি ধৰিছে।

২. গুলিজাৰ (তুৰ্কী)

তুৰ্কীৰ লেখিকা-পৰিচালক বেলকিছ বায়ৰাকে ‘গুলিজাৰ’ৰ জীৱনৰ বিষয়ে  এই ছবি খনৰ জড়িয়তে চিত্ৰিত কৰিব বিচাৰিছে। ছবি খনত এগৰাকী যুৱতীয়ে স্বাধীনতাৰ অন্বেষণত  প্ৰত্যাহ্বান  আৰু সামাজিক প্ৰত্যাশাৰ সৈতে যুঁজ দিয়াৰ কথা ছবি খনত ফুটাই তোলা হৈছে। ছবিখন ইতিমধ্যে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ৰ লগতে চান ছেবাষ্টিন  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ত প্ৰিমিয়াৰ কৰা  হৈছে।

৩. হলি কাউ  (ফ্ৰান্স)

ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা লুইজ কৌৰভইছিয়েৰৰ  ‘হলি কাউ’ হৈছে এক আনন্দদায়ক কমেডি-ড্ৰামা । ছবি খনে ১৮ বছৰীয়া টটোনৰ কাহিনী সৰসভাবে উপস্থাপন কৰিছে।   তেওঁ   ভনীয়েকৰ দায়িত্ব লোৱাৰ পৰা আৰম্ভ কৰি জীৱন সংগ্ৰামৰ কথা ছবি খনত ফুটি উঠিছে। ছবিখনে কান চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ত সন্মানীয় যুৱ বঁটা লাভ কৰিছিল।

পশ্চিম ফ্ৰান্সৰ  আল্পছৰ জুকাৰ পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা এই মনোমোহা চলচ্চিত্ৰখনে ডাঙৰ হোৱাৰ সময়ছোৱাৰ  অস্থিৰতা আৰু মুখ্য নায়কে সন্মুখীন হোৱা প্ৰাপ্তবয়স্কতাৰ দায়িত্ববোৰ চিত্ৰিত কৰিছে।

৪. আই এম নেভেনকা (স্পেইন)

গয়া বঁটা বিজয়ী পৰিচালক আইচিয়াৰ বোল্লেইনৰ  ‘আই এম নেভেনকা’ হৈছে এগৰাকী মহিলাই নিজৰ ধৰণে সমাজৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক সাহসী কাহিনী। চলচ্চিত্ৰখনে ২০২৪ চনত অনুষ্ঠিত চান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউস্কাডি বাস্ক কাণ্ট্ৰী ২০৩০ এজেণ্ডা বঁটা লাভ কৰিছিল।

চলচ্চিত্ৰখনে পোনফেৰাডা নগৰ পৰিষদৰ সদস্য নেভেঙ্কা ফাৰ্নাণ্ডেজৰ  কাহিনীক   নাটকীয় ৰূপ দিছে, যিয়ে ২০০১ চনত এগৰাকী উচ্চ পদস্থ ৰাজনীতিবিদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ  ৰুজু কৰি সেই গোচৰত জিকা স্পেইনৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। সঁচা ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা ছবি খনে   ন্যায়ৰ বাবে কৰা  যুঁজখনৰ কথা  বৰ্ণনা কৰিছে আৰু স্পেইনত উৎপীড়ন তথা লিংগ সমতাৰ বৃহত্তৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱবোৰৰ অন্বেষণ কৰিছে।

৫. পানোপ্টিকন (জৰ্জিয়া-আমেৰিকা যুক্তৰাষ্ট্ৰ)

জৰ্জিয়ান-আমেৰিকান পৰিচালক জৰ্জ শিখাৰুলিডজেৰ  বৈশিষ্ট্যপূৰ্ণ ছবি  ‘পানোপ্টিকন’ত এজন জৰ্জিয়ান কিশোৰে তেওঁৰ জীৱনটো আগবঢ়াই  নিয়াৰ সময়ত পৰিচয়, নৈতিকতা আৰু আত্মাৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ কথা বৰ্ণনা কৰা হৈছে। চলচ্চিত্ৰখনে কাৰ্লোভি ভেৰী ২০২৪-ত ইকুমেনিকেল জুৰী – স্পেচিয়েল ৰেপচন  বঁটা  লাভ কৰিছিল।

চলচ্চিত্ৰখনে ছোভিয়েট-পৰৱৰ্তী জৰ্জিয়ান সমাজত সন্তান এটি ডাঙৰ হোৱাৰ প্ৰত্যাহ্বানবোৰক চিত্ৰিত কৰিছে।

৬. পিয়েৰ্চ (ছিংগাপুৰ)

প্ৰাক্তন নেচনেল ফেঞ্চাৰ আৰু ছিংগাপুৰৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা নেলিচিয়া লোৰ ‘পিয়েৰ্চ’-এ এই বছৰ কাৰ্লোভি ভেৰী আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।

এক মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰখনে পৰিয়াল আৰু ভাই-ভনীৰ প্ৰতিদ্বন্দিতাৰ জটিলতাবোৰৰ কথা উজলাই তুলিছে।  চলচ্চিত্ৰখনে প্ৰতিযোগিতামূলক ফেন্সিঙৰক্ষেত্ৰ খনত দুজন ভাতৃক অনুসৰণ কৰিছে। ছবি খনত তেওঁলোকৰ উচ্চাকাংক্ষাৰ ভাৰসাম্য বজাই ৰাখিবলৈ কৰা সংগ্ৰামৰ কথা চিত্ৰিত কৰা হৈছে।

৭. ৰেড পাথ  (টিউনিচিয়া)

 টিউনিচিয়ান থিয়েটাৰ আৰু চিনেমা পৰিচালক তথা প্ৰযোজক লোটফি আচৌৰৰ শেহতীয়া ছবি  ‘ৰেড পাথ’ত আক্ৰাফ নামৰ এজন যুৱকৰ কাহিনী কোৱা হৈছে। ছবি খনত যুৱকজনৰ জীৱন সংগ্ৰামৰ কথা হৃদয়স্পৰ্শীভাবে ফুটাই তোলা হৈছে।  চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০২৪ চনত সন্মানীয় লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হৈছিল।

৮. শ্বেফৰ্ডছ (কানাডা-ফ্ৰান্স)

 কুইবেক চলচ্চিত্ৰৰ অন্যতম আগশাৰীৰ ব্যক্তি ছফি ডেৰাস্পিয়াৰ ‘শ্বেফৰ্ডছ’ হৈছে আত্ম অন্বেষণ আৰু গ্ৰাম্য জীৱনৰ কঠোৰ বাস্তৱতাৰ ওপৰত আধাৰিত এখন  আকৰ্ষণীয় চলচ্চিত্ৰ।চলচ্চিত্ৰখনে  টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪  ত শ্ৰেষ্ঠ কানাডিয়ান ফিচাৰ ফিল্ম বঁটা লাভ কৰিছিল।

চলচ্চিত্ৰখনৰ কাহিনী এজন কানাডিয়ান কপিৰাইটাৰৰ কাহিনীৰে আগবাঢ়িছে।  যিয়ে সান্ত্বনা আৰু নতুন আৰম্ভণি বিচাৰি ফৰাচী আল্পছলৈ গৰখীয়া হিচাপে জীৱন যাপন কৰিবলৈ লৈছিল । কিন্তু যেতিয়া তেওঁ তেওঁৰ নতুন জীৱনটোত  বিচ্ছিন্নতা আৰু কষ্টৰ সন্মুখীন হয়, তেওঁ তেওঁৰ অতীতৰ সৈতে যুঁজিবলগীয়া হৈছিল । ডেৰাস্পৰ নিপুণ নিৰ্দেশনাই  ছবি খনৰ দৰ্শকসকলক মানুহৰ স্থিতিস্থাপকতাৰ ধাৰণাবোৰ অন্বেষণ কৰিবলৈ বাধ্য কৰিব।

৯. দ্য নিউ ইয়েৰ ডেট নেভাৰ কাম  (ৰোমানিয়া)

বঁটা বিজয়ী ৰোমানিয়ান লেখক আৰু পৰিচালক বোগদান মুৰেছানুৰ  ‘দ্য নিউ ইয়েৰ ডেট নেভাৰ কাম’য়ে দৰ্শকসকলক ৰোমানিয়াৰ ১৯৮৯ চনৰ বিপ্লৱৰ সময়ত ছযজন ব্যক্তিৰ জীৱনৰ কথা প্ৰতিফলিত কৰিছে।   চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে অৰিজোণ্টি বঁটা, আৰু বিশেষ উল্লেখ: ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ ত ৪০  বছৰৰ তলৰ লেখকৰ বঁটা লাভ কৰে।

এক গভীৰ ব্যক্তিগত কাহিনীৰ সৈতে এখন ঐতিহাসিক  হিচাবে পৰিগণিত হোৱা ছবি খনে ৰাজনৈতিক উত্থান-পতন আৰু প্ৰতিৰোধ, লোকচান তথা  আশাৰ মানৱীয় দিশ বোৰ একত্ৰিত কৰিছে।

১০ .টক্সিক (লিথুৱানিয়া)

 লিথুৱেনিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ  ছাউলে ভিলুভাইটেই তেওঁৰ প্ৰথম ফিচাৰ চলচ্চিত্ৰ টক্সিকত বিষাক্ততাৰ মাজত বন্ধুত্বৰ এক নিৰ্ভেজাল  অথচ ভয়ংকৰ পৰিণতিৰ কাহিনী  উপস্থাপন কৰিছে।

‘টক্সিক’-এ কৈশোৰ, বন্ধুত্ব আৰু আত্ম-ধ্বংসৰ জটিলতাবোৰ অন্বেষণ কৰিছে।  ছবি খনত  চলচ্চিত্ৰ নিৰ্মাতাই যৌৱনৰ অন্ধকাৰ দিশটোৰ কথাও আলোকপাত কৰিছে। ৰ আৱেগিক অস্থিৰতা আৰু ডাঙৰ হোৱাৰ চাপৰ চিত্ৰায়নৰ বাবে ছবিখনে সমালোচকৰ প্ৰশংসাও লাভ কৰিছে।

চলচ্চিত্ৰখনে ৭৭ সংখ্যক  লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ ত গোল্ডেন লেপ’ৰ্ড, স্ৱাচ ফাৰ্ষ্ট ফিচাৰ বঁটা আৰু ইকুমেনিকেল জুৰী বঁটা লাভ কৰে।

১১. ৱেভছ (চেক গণৰাজ্য)

চেক অভিনেতা, চিত্ৰনাট্যকাৰ  আৰু পৰিচালক জিৰি মাডলৰ ‘ৱেভছ’ তেওঁৰ তৃতীয় ফিচাৰ ছবি আৰু ৯৭ সংখ্যক অকাডেমী বঁটাত শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্মৰ বাবে চেক গণৰাজ্যৰ পৰা  নিৰ্বাচিত হৈছে।

চলচ্চিত্ৰখন ১৯৬৮ চনত চেকোশ্লোভেকিয়াৰ ছোভিয়েট আক্ৰমণৰ সময়ৰ পটভূমিত  নিৰ্মিত এক শক্তিশালী ঐতিহাসিক  ছবি। চলচ্চিত্ৰখনৰ কাহিনী  সাংবাদিকৰ এটা গোটৰ চাৰিওফালে ঘূৰি আছে,  যিয়ে সত্যক প্ৰতিষ্ঠা কৰিবলৈ  বিপদক মূৰ পাতি লৈছিল।

১২. হু ডু আই বিলং টু  (টিউনিচিয়া-কানাডা)

‘হু ডু আই বিলং টু’, টিউনিচিয়ান-কানাডিয়ান চলচ্চিত্ৰ নিৰ্মাতা মেৰিয়াম জুবেউৰৰ প্ৰথম ছবি।  ছবি খনে এটা ভগ্ন পৰিয়ালৰ বিষয়ে হৃদয়স্পৰ্শী কাহিনীক উপস্থাপন কৰিছে।  চলচ্চিত্ৰখনত এগৰাকী টিউনিচিয়ান মহিলাৰ কাহিনী কোৱা হৈছে, যিয়ে তেওঁৰ মাতৃপ্ৰেম আৰু সত্যৰ সন্ধানৰ মাজত ধৰা দিছে।  যেতিয়া তেওঁৰ পুত্ৰ যুদ্ধৰ পৰা ঘৰলৈ উভতি আহে আৰু তেওঁলোকৰ গাওঁখনত পৰিবেশৰ সলনি হৈ পৰে সেই কথাও ছবি খনত চিত্ৰিত কৰা হৈছে।চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ত হৈছিল।চলচ্চিত্ৰখনে মাতৃপ্ৰেম আৰু ব্যক্তিগত ত্যাগৰ এক জটিল বৰ্ণনা উপস্থাপন কৰিছে। জুবেউৰৰ কামে ইতিমধ্যে ইয়াৰ আৱেগিক গভীৰতা আৰু শক্তিশালী প্ৰদৰ্শনৰ বাবে প্ৰশংসা লাভ কৰিছে।

১৩ .দ্য গট লাইফ (ভাৰত)

‘দ্য গট লাইফ ‘ ছবি খনত ৰাষ্ট্ৰীয় বঁটা বিজয়ী মালায়ালম চলচ্চিত্ৰ পৰিচালক ব্লেছিয়ে এজন ভাৰতীয় প্ৰব্ৰজনকাৰী শ্ৰমিকে চৌদি আৰৱৰ মৰুভূমিত জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ সঁচা কাহিনী  উপস্থাপন কৰিছে। চলচ্চিত্ৰখন লেখক বেনিয়ামিনৰ সৰ্বাধিক বিক্ৰী হোৱা মালায়ালম উপন্যাস আদুজীৱিতমৰ অভিযোজন, যিখন  বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত। এই আকৰ্ষণীয় ছবিখনে জীৱনৰ প্ৰতিকূলতাৰ মাজত প্ৰব্ৰজন, জীয়াই থকা আৰু মানৱ আত্মাৰ বিষয়বস্তুৰ অন্বেষণৰ কথা প্ৰতিফলিত কৰিছে।

১৪. আৰ্টিকল ৩৭০  (ভাৰত)

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা আদিত্য সুহাস জাম্ভালেৰ দ্বাৰা পৰিচালিত ‘আৰ্টিকল ৩৭০’ হৈছে ভাৰতৰ অশান্ত সাংবিধানিক পৰিৱৰ্তনৰ পটভূমিত নিৰ্মিত এক উত্তেজনাপূৰ্ণ ৰাজনৈতিক থ্ৰিলাৰ।

ছবি খনৰ কাহিনীটোৱে অনুচ্ছেদ ৩৭০-ৰ জটিলতাৰ কথা প্ৰতিফলিত কৰিছে। যি অনুচ্ছেদে  জম্মু আৰু কাশ্মীৰক বিশেষ স্বায়ত্তশাসন প্ৰদান কৰিছিল। চলচ্চিত্ৰখনে অঞ্চলটোৰ সামাজিক-ৰাজনৈতিক দৃশ্যপটক বিশেষভাবে প্ৰতিফলিত কৰিছে । পৰিচালকজনে নিপুণতাৰে ছবিখনত ক্ষমতাৰ সংগ্ৰাম আৰু ব্যক্তিগত ত্যাগৰ বৰ্ণনা কৰিছে।

১৫. ৰাৱচাহেব (ভাৰত)

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা নিখিল মহাজনৰ দ্বাৰা পৰিচালিত ‘ৰাৱচাহেব’ হৈছে এক বহু প্ৰত্যাশিত মাৰাঠী অপৰাধ থ্ৰিলাৰ চলচ্চিত্ৰ। এই ছবিখন এই বছৰৰ আইএফএফআইৰ এখন ৱৰ্ল্ড প্ৰিমিয়াৰ ছবি। জনজাতীয় ভূমিত মানুহ-জন্তুৰ সংঘাতআৰু ন্যায়ৰ অন্বেষণৰ ওপৰত নিখিল মহাজনৰ অপৰাধ থ্ৰিলাৰ এই ছবিৰ  কেন্দ্ৰবিন্দু। চলচ্চিত্ৰখন ভাৰতৰ জনজাতীয় ভূমিত নিৰ্মিত এক আকৰ্ষণীয় কাহিনীক উপস্থাপন কৰিছে।

চিনেমাত মহিলাৰ কণ্ঠস্বৰৰ উদযাপন

উল্লেখনীয় যে এই বছৰৰ মনোনয়নসমূহ মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবেও এক বিশেষ সুযোগ হিচাবে চিহ্নিত হৈছে।  কিয়নো ঘটনাক্ৰমে ১৫ খন চলচ্চিত্ৰৰ ভিতৰত ৯ খনেই প্ৰতিভাশালী মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলে পৰিচালনা কৰিছে।

আপোনাৰ দিনপঞ্জী থিৰাং কৰক

গতিকে, আপুনিআৰু  কিয় অপেক্ষা কৰিছে?

 আপুনি এতিয়াও নিজৰ  প্ৰিয় বাছনিকলৈ অপেক্ষা কৰিছে নেকি?

এই নৱেম্বৰত আইএফএফআইত আমাৰ সৈতে যোগ দিয়ক আৰু এই আকৰ্ষণীয়  চলচ্চিত্ৰসমূহ উপভোগ কৰাৰ  সুযোগ লভক,  যিহেতু এই ছবিবোৰে  আকাংক্ষিত সোণালী ময়ূৰৰ বাবে প্ৰতিযোগিতা কৰিব।

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৪ লৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব। এক অনন্য অভিজ্ঞতা আৰু মনোৰঞ্জনৰ বাবে সেয়ে  সাজু হওঁক।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …