गुरुवार, दिसंबर 19 2024 | 04:28:41 PM
Breaking News
Home / Choose Language / Assamese / আইএফএফআই ২০২৪ৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন উইণ্ডো ২৪ ঘণ্টাৰ বাবে পুনৰ মুকলি

আইএফএফআই ২০২৪ৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন উইণ্ডো ২৪ ঘণ্টাৰ বাবে পুনৰ মুকলি

Follow us on:

মিডিয়া প্ৰতিষ্ঠানৰ  পৰা বৃহৎ সংখ্যক অনুৰোধ বিবেচনা কৰি আৰু  সংবাদ মাধ্যমৰ অধিক লোকক  উৎসৱৰ খবৰ সংগ্ৰহ কৰাৰ বাবে সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে  ৫৫ সংখ্যক  ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই)  মিডিয়া প্ৰতিনিধিসকলৰ পঞ্জীয়ন আজি (১৪ নৱেম্বৰ ২০২৪) বিয়লি ০৪.৫৯ বজালৈ (ভাৰতীয় সময়, ২৪  নৱেম্বৰ) লৈকে  ২৪  ঘণ্টাৰ বাবে পুনৰ মুকলি কৰা হৈছে। যিসকল সংবাদমাধ্যমৰ ব্যক্তিয়ে এতিয়াও পঞ্জীয়ন কৰা নাই তেওঁলোকৰ বাবে এয়া  শেষ সুযোগ। যিসকল সংবাদমাধ্যমৰ ব্যক্তিয়ে এতিয়াও পঞ্জীয়ন কৰা নাই তেওঁলোকক শীঘ্ৰে  পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হৈছে যাতে তেওঁলোকে  এই চূড়ান্ত সময়সীমাৰ পৰা বঞ্চিত নহয়।

পঞ্জীয়ন প্ৰক্ৰিয়া

মিডিয়া প্ৰতিনিধি   হিচাপে পঞ্জীয়ন কৰিবলৈ, আপুনি ১ জানুৱাৰী,২০২৪ তাৰিখলৈকে ২১  বছৰ বয়স সম্পূৰ্ণ কৰিব লাগিব, আৰু প্ৰিণ্ট, ইলেক্ট্ৰনিক, ডিজিটেল বা অনলাইন মিডিয়া সংগঠনৰ এজন সংবাদদাতা, ফটোগ্ৰাফাৰ, কেমেৰা পাৰ্ছন বা ডিজিটেল সমল সৃষ্টিকৰ্তা হ’ব লাগিব। বয়সৰ চৰ্ত পূৰণ কৰা ফ্ৰিলান্স সাংবাদিকসকলকো পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হৈছে। অনুগ্ৰহ কৰি পঞ্জীয়ন কৰাৰ আগতে প্ৰাসঙ্গিক যোগ্যতাৰ চৰ্তবোৰ  পঢ়ক আৰু আপুনি পঞ্জীয়ন কৰাৰ আগতে উল্লেখিত নথিপত্ৰবোৰ আপলোড কৰিবলৈ সাজু কৰি  ৰাখক। পঞ্জীয়ন প্ৰক্ৰিয়াটো পোনপটীয়াকৈ  https://my.iffigoa.org/media-login অনলাইনত সম্পূৰ্ণ কৰিব পাৰিব৷

অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ আবেদন পৰীক্ষাৰ পিছত আপোনাৰ পঞ্জীভুক্ত ই-মেইল আইডিত মিডিয়া প্ৰতিনিধি হিচাপে আপোনাৰ স্বীকৃতিৰ অনুমোদনৰ কথা  আপোনাক জনোৱা হ’ব। পঞ্জীয়নৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা স্বীকৃত মিডিয়া ব্যক্তিসকলহে ৫৫ সংখ্যক আইএফএফআই ২০২৪-ৰ বাবে মিডিয়া প্ৰতিনিধি পাছৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ’ব। পি.আই.বি.-য়ে মিডিয়া আউটলেটৰ ম্যাদ, আকাৰ (প্ৰচলন, দৰ্শক আদি), চিনেমাৰ ওপৰত গুৰুত্ব দিয়া  আৰু আই.এফ.এফ.আই.-ৰ প্ৰত্যাশিত মিডিয়া কভাৰেজৰ দৰে কাৰকৰ ওপৰত ভিত্তি কৰি প্ৰতিটো মিডিয়া সংগঠনক প্ৰদান কৰিবলগীয়া স্বীকৃতিৰ সংখ্যা নিৰ্ণয় কৰিব।

আইএফএফআই স্থানত ১৮  নৱেম্বৰ ২০২৪ তাৰিখৰ পৰা স্বীকৃত মিডিয়া প্ৰতিনিধিৰ দ্বাৰা মিডিয়া প্ৰতিনিধি পাছ সংগ্ৰহ কৰিব পাৰিব। যিকোনো প্ৰশ্নৰ বাবে অনুগ্ৰহ কৰি ‘মিডিয়া স্বীকৃতিসম্পৰ্কীয় প্ৰশ্ন’ বিষয়ৰ সৈতে জিমেইলত   iffi4pib[at]gmail[dot]com লৈ এটা মেইল  পঠিয়াব পাৰে

পঞ্জীয়ন কৰক আৰু আমি আকৌ এবাৰ আপোনাক চিনেমাৰ আনন্দ গ্ৰহণ কৰিবলৈ  স্বাগতম জনাইছো!

চিনেমাবোৰে আপোনাৰ বাবে অপেক্ষা কৰিছে!

আইএফএফআইৰ বিষয়ে

১৯৫২  চনত স্থাপিত, ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) এছিয়াৰ অন্যতম প্ৰধান চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে।  আৰম্ভণিৰে পৰা, আই.এফ.এফ.আই.-য়ে চলচ্চিত্ৰ, মনোমোহা কাহিনী, আৰু ছবি এখনৰ  পিছত থকা প্ৰতিভাশালী ব্যক্তিসকলক উজলাই তোলাৰ  লক্ষ্য ৰাখিছে। মহোৎসৱটোৱে চলচ্চিত্ৰৰ প্ৰতি গভীৰ প্ৰশংসা আৰু প্ৰেমৰ কথা  প্ৰচাৰ কৰিব বিচাৰে, মানুহৰ মাজত বুজাবুজি আৰু সৌহাৰ্দ্যৰ সেতু  গঢ়ি তুলিব বিচাৰে, আৰু তেওঁলোকক ব্যক্তিগত তথা  সামূহিক উৎকৰ্ষতাৰ নতুন উচ্চতাত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিব বিচাৰে।

গোৱা চৰকাৰৰ  গোৱাৰ মনোৰঞ্জন সমিতিৰ সহযোগত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বছৰি আইএফএফআই আয়োজন কৰে।  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ে সাধাৰণতে উৎসৱৰ নেতৃত্ব দি আহিছিল যদিও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) সৈতে চলচ্চিত্ৰ মাধ্যম গোটসমূহ একত্ৰিত হোৱাৰ ফলত, এনএফডিচিয়ে মহোৎসৱৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। ৫৫ সংখ্যক আইএফএফআইৰ শেহতীয়া আপডেটৰ বাবে, অনুগ্ৰহ কৰি www.iffigoa.org উৎসৱৰ ৱেবছাইট চাওক আৰু এক্স, ফেচবুক তথা  ইনষ্টাগ্ৰামৰ দৰে পিআইবিৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আইএফএফআইক  অনুসৰণ কৰক ৷  লগতে পিআইবি আৰু হোৱাটছএপত ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহো অনুসৰণ কৰক৷

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …