बुधवार, जनवरी 08 2025 | 11:14:44 AM
Breaking News
Home / Choose Language / Assamese / উত্তৰ-পূব আন্তঃগাঁথনি উন্নয়ন আঁচনি

উত্তৰ-পূব আন্তঃগাঁথনি উন্নয়ন আঁচনি

Follow us on:

ড’নাৰ মন্ত্ৰালয়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ আৰু চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত ৩৪১৭.৬৮ কোটি টকা ব্যয়সাপেক্ষ ৯০টা প্ৰকল্প অনুমোদন জনাইছে। ৰাজ্য অনুসৰি আৰু আঁচনি অনুসৰি বিৱৰণবোৰ পৰিশিষ্ট-১-ত আছে।

এন ই এছ আই ডি এছৰ অধীনত অনুমোদিত প্ৰকল্পবোৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰে (এন ই আৰ) ৰূপায়ন কৰে আৰু এই প্ৰকল্পবোৰ নিৰীক্ষণৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ। এন ই এছ আই ডি এছৰ অধীনত বিভিন্ন পৰ্যায়ত চলি থকা প্ৰকল্পবোৰৰ অগ্ৰগতি ড’নাৰ মন্ত্ৰালয়ে সুক্ষ্মভাৱে নিৰীক্ষণ কৰে।

ড’নাৰ মন্ত্ৰালয় আৰু এনইচিৰ বিষয়াসকলে নিৰ্বাচিত প্ৰকল্পসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰে। মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ সকলোতে ক্ষেত্ৰ কাৰিকৰী সমৰ্থন গোট (এফটিএছইউ)স্থাপন কৰিছে, যিয়ে প্ৰকল্প ৰূপায়ণকাৰী সংস্থাসমূহৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰে আৰু ড’নাৰ মন্ত্ৰালয়ৰ গতি শক্তি পৰ্টেলত প্ৰকল্পসমূহৰ তথ্য সংৰক্ষণ আৰু উন্নীত কৰে, আৰু লগতে চলি থকা প্ৰকল্পবোৰ পৰিদৰ্শন কৰে।

এন ই এছ আই ডি এছকে ধৰি ড’নাৰ মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন আঁচনিৰ জৰিয়তে চলি থকা প্ৰকল্পসমূহৰ নিৰীক্ষণ প্ৰণালী অধিক শক্তিশালী কৰাৰ বাবে প্ৰকল্পৰ গুণগত মান নিৰীক্ষণ/তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন (পিকিউএম/টিপিটিআই) গোটবোৰৰ অন্তৰ্ভুক্তিৰ বাবে এছঅ’পি ফেব্ৰুৱাৰী ২০২৪-ত জাৰি কৰা হৈছে। ২০ কোটি টকালৈকে ব্যয় হোৱা প্ৰকল্পবোৰ পিকিউএমৰ দ্বাৰা পৰিদৰ্শন কৰোৱা হৈছে আৰু ২০ কোটি টকাতকৈ অধিক ব্যয়ৰ বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে উত্তৰ-পূবৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহক নিৰীক্ষণৰ বাবে তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন (টিপিটিআই) সংস্থা হিচাপে তালিকাভুক্ত কৰা হৈছে।

ড’নাৰ মন্ত্ৰালয়ৰ এনইএছআইডিএছ আঁচনিৰ দুটা অংশ আছে: এনইএছআইডিএছ (পথ) আৰু এনইএছআইডিএছ পথৰ বাহিৰে অন্যান্য আন্তগাঁথনি(অ’টিআৰআই)।এনইএছআইডিএছ(পথ)ৰ অধীনত পথ/দলং আৰু সহায়ক আন্তঃগাঁথনিত ভৌতিক সম্পদ সৃষ্টি কৰা প্ৰকল্পবোৰ কেৱল অনুমোদনৰ বাবে বিবেচনা কৰা হয়। এনইএছআইডিএছৰ (অ’টিআৰআই) অধীনত প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, পানী যোগান, গোটা আৱৰ্জনা ব্যৱস্থাপনা, ঔদ্যোগিক বিকাশ, অসামৰিক বিমান পৰিবহন, ক্ৰীড়া, টেলিকম আদিৰ বাবে আন্তঃগাঁথনি সৃষ্টিকৰা প্ৰকল্পসমূহ, যিবোৰৰ আকাৰ ৫ কোটি টকাৰ পৰা ৫০ কোটি টকাৰ ভিতৰত অনুমোদনৰ বাবে বিবেচনা কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য এনইএছআইডিএছৰ অধীনত তেওঁলোকৰ নিয়মীয়া আৱণ্টনৰ পৰিমাণলৈকে প্ৰকল্পৰ অনুমোদনৰ বাবে যোগ্য।

আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।

****

SB/DP/ARJ/HS/ID

পৰিশিষ্ট-১

(টকাৰ পৰিমাণ কোটিত)

ক্ৰমিক নং ৰাজ্য এন ই এছ আই ডি এছ (পথৰ বাহিৰে আন আন্তগাঁথনি) এন ই এছ আই ডি এছ (পথ) প্ৰকল্প এন ই এছ আই ডি এছৰ অধীনত মুঠ
সংখ্যা পৰিমাণ সংখ্যা পৰিমাণ সংখ্যা পৰিমাণ
অৰুণাচল প্ৰদেশ ২৯৭.২৬ ৩০৬.৬৫ ১৫ ৬০৩.৯১
অসম ১২ ৫৪৩.৭৪ ১১ ৮৪৮.৬৯ ২৩ ১৩৯২.৪৩
মণিপুৰ ২৫৩.৪৬ ৯৬.১৩ ১৩ ৩৪৯.৫৯
মেঘালয় ১০১.৪২ ১০২.৮৭ ২০৪.২৯
মিজোৰাম ১৩ ১৭২.১৩ ৩৩.১৯ ১৪ ২০৫.৩২
নগালেণ্ড ৬৩.৩৭ ১৩০.৩৫ ১৯৩.৭২
ছিকিম ২৯.৯৩ ১২৭.৮৩ ১৫৭.৭৬
ত্ৰিপুৰা ১৪২.৩৮ ১৬৮.২৮ ৩১০.৬৬
  মুঠ: ৫৫ ১৬০৩.৬৯ ৩৫ ১৮১৩.৯৯ ৯০
मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …