मंगलवार, जनवरी 07 2025 | 06:33:34 AM
Breaking News
Home / Choose Language / Assamese / সংবিধানৰ মনোভাৱক পুনৰ জাগ্ৰতকৰণেৰে আমাৰ সংবিধান, আমাৰ সন্মান শীৰ্ষক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৩-দিনীয়া প্ৰচাৰ কাৰ্য্যসূচীৰ সামৰণি

সংবিধানৰ মনোভাৱক পুনৰ জাগ্ৰতকৰণেৰে আমাৰ সংবিধান, আমাৰ সন্মান শীৰ্ষক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৩-দিনীয়া প্ৰচাৰ কাৰ্য্যসূচীৰ সামৰণি

Follow us on:

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন (CBC), গুৱাহাটীৰ উদ্যোগত আয়োজিত তিনি-দিনীয়া প্ৰচাৰ কাৰ্য্যসূচীৰ যুৱ সমাজ, আইনজ্ঞ আৰু শিক্ষাবিদসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে সফল সামৰণি পৰে।

ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়াকৈ অনুষ্ঠিত আকৰ্ষণীয় কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট উচ্চ প্ৰমূল্যবোধক অক্ষুণ্ণ ৰখাৰ অংগীকাৰ কৰে।

আজি সামৰণি অধিৱেশনৰ জৰিয়তে এই প্ৰচাৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। ইয়াত প্ৰাক্তন আমোলা তথা বিশিষ্ট সমাজকৰ্মী শ্ৰী স্বপ্ননীল বৰুৱাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ (NLUJAA) উপাচাৰ্য্য অধ্যাপক কে.ভি.এছ শৰ্মা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰু চিবিচি, গুৱাহাটীৰ সহকাৰী সঞ্চালক শ্ৰী বিপুল গৌৰ উপস্থিত থাকে।

উক্ত সামৰণি অধিৱেশনত ভাষণ প্ৰদানেৰে শ্ৰী স্বপ্ননীল বৰুৱাই সংবিধানৰ গুৰুত্ব আৰু তৃণমূল পৰ্য্যায়ৰ গণতন্ত্ৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেওঁ কয়, “অধিবক্তাসকল হৈছে আইনৰ আটাইতকৈ শক্তিশালী ৰক্ষক। তেওঁলোকৰ সংবিধানৰ মনোভাৱ অক্ষুণ্ণ ৰখাৰ ক্ষমতা আছে।“

যুৱ কল্যাণৰ ক্ষেত্ৰত ব্যতিক্ৰমী কামৰ বাবে জনাজাত শ্ৰী বৰুৱাই আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থকাসকলৰ বাবে এক অনুকূল পৰিবেশৰ সৃষ্টি কৰে।

 

এনএলইউজেএএ-ৰ উপাচাৰ্য্য অধ্যাপক কে.ভি.এছ শৰ্মাই তেওঁৰ ভাষণত সামৰণি অধিৱেশনৰ শোভাবৰ্ধন কৰা সন্মানীয় অতিথি শ্ৰী স্বপ্ননীল বৰুৱা আৰু আমাৰ সংবিধানআমাৰ সন্মান শীৰ্ষক বিশেষ অনুষ্ঠান আয়োজন কৰা চিবিচি, গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই অভিযানৰ তাৎপৰ্য্য সন্দৰ্ভত বক্তব্য আগবঢ়ায় আৰু প্ৰস্তাৱনাত সন্নিৱিষ্ট আদৰ্শৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱে আমাৰ সংবিধানআমাৰ সন্মান শীৰ্ষক বছৰ-জোৰা অভিযানৰ উদ্দেশ্য সম্পৰ্কে গভীৰভাৱে আলোচনাৰে কয়, “আমি সংবিধানখনক ভাৰতৰ তৃণমূল পৰ্য্যায়ত উপনীত হোৱাত সহায় কৰাটো প্ৰয়োজন, কিয়নো ইয়াৰ আমাৰ প্ৰস্তাৱনাই পোষকতা কৰে, সেয়া সামাজিক ন্যায়েই হওঁক বা স্বাধীনতাৰ ক্ষেত্ৰতেই হওঁক।“

তেওঁ কয় যে চিবিচি, গুৱাহাটীয়ে কুইজ আৰু তৰ্ক প্ৰতিযোগিতা, বাটৰ নাট (street plays) আৰু একাধিক কাৰ্য্যসূচীৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিতৰে নাগৰিকৰ সামৰ্থ্য-বিকাশৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ জনসাধাৰণৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীসকলৰ ভূমিকাত আলোকপাত কৰে। তেওঁ লগতে কয়, “আমাৰ সংবিধান আমাৰপৰাই আৰম্ভ হয় আৰু আমি ইয়াৰ বাবে কাম কৰিম।“

ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ডঃ চন্দন কুমাৰ গোস্বামী, আমাৰ অসম কাকতৰ কাৰ্য্যবাহী সম্পাদক শ্ৰী গৌতম শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী বিদুলা শৰ্মাই আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে।

আজি আৰম্ভণিতে “সদনে বিশ্বাস কৰে ন্যায়িক অতিমাত্ৰা প্ৰসাৰে ভাৰতীয় গণতন্ত্ৰক খহাই পেলাইছে” (This House Believes that Judicial Overreach has eroded Indian Democracy) বিষয়ক এখনি আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াত এনএলইউজেএএ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, এনইএফ আইন মহাবিদ্যালয়, জেবি আইন মহাবিদ্যালয় আৰু গুৱাহাটী কমাৰ্চ কলেজৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰে। সামৰণি অনুষ্ঠানতে পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোক শ্ৰেষ্ঠ দল হিচাপে ঘোষণাৰ লগতে জেবি আইন মহাবিদ্যালয় আৰু এনএলইউজেএএ-ৰ অগস্ত্য আৰু আকাংক্ষাক ক্ৰমে শ্ৰেষ্ঠ বক্তা আৰু দ্বিতীয়-শ্ৰেষ্ঠ বক্তা হিচাপে ঘোষণা কৰা হয়।

ইয়াত চিবিচি, গুৱাহাটীৰ গীত আৰু নাট বিভাগে বাঁহী আৰু চেক্স’ফোনৰ হৃদয়স্পৰ্শী যুগলবন্দী আৰু ভূপেন্দ্ৰ সংগীতেৰে দৰ্শকসকলক মোহিত কৰে।

সোমবাৰ অৰ্থাৎ ২৫ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই চিবিচি, গুৱাহাটীৰ আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ ৩-দিনীয়া কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকাই অংশগ্ৰহণ কৰে।

প্ৰথম দিনা চিবিচি, গুৱাহাটীৰ উদ্যোগত আয়োজিত আন্তঃবিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য আৰু মেট্ৰ’ৰ ভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াত বিজয়ী হয় – এনএলইউজেএএ-ৰ অৰণি দীপ্ত স্বামী আৰু জিএমচিএইচ-ৰ সয়ন মজুমদাৰ, ৰানাৰ্ছ আপ – গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মিনহাজ ৰহমান আৰু হিমাংশু নাথ। দ্বিতীয় ৰানাৰ্ছ আপ হৈছে এনএলইউজেএএ-ৰ ইয়ান পেৰেইৰা আৰু বিপুল ৰায়।

আমাৰ সংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা সম্পন্ন হয়। উক্ত আলোচনাৰ বিষয়সমূহ আছিলঃ আজিৰ ডিজিটেল যুগত ন্যায়ৰ সুগমতা, জনসাধাৰণক সংবিধানৰ সৈতে সংযুক্তকৰণ – মাধ্যমৰ ডিকোডিংসমসাময়িক ভাৰতত সাংবিধানিক নৈতিকতা।

ইয়াত মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অচিন্ত্য মল্ল বুজৰবৰুৱা, প্ৰাক্তন মহাধিবক্তা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ প্ৰাক্তন বিভাগীয় মুৰব্বী আৰু ডিন, ফেকাল্টী অৱ ল শ্ৰী ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই, মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) মীৰ আলফাজ আলী, ন্যায়িক একাডেমী-অসমৰ সঞ্চালক, প্ৰসাৰ ভাৰতীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী আশীষ ভাটনাগৰ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ আইনৰ অধ্যাপক ডঃ দেৱাশীষ পোদ্দাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী ভাৰতী ভৰালীয়ে অংশগ্ৰহণ কৰে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …