মণিপুৰৰ নিৰাপত্তাৰ পৰিস্থিতি বিগত কিছুদিন ধৰি ব্যাপক অৱনতি ঘটি আছে। যুদ্ধংদেহী দুয়োটা সম্প্ৰদায়ৰ সশস্ত্ৰ দুস্কৃতিকাৰীয়ে হিংসাত লিপ্ত হৈ থকাৰ ফলত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱাইছে আৰু জনসাধাৰণৰ জীৱন-যাপন ব্যাহত হৈ আছে। সকলো নিৰাপত্তা বাহিনীক স্বাভাৱিক জীৱন-যাত্ৰা আৰু শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে। হিংসাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকিয়নি দিয়া হৈছে। গুৰুত্বপূৰ্ণ গোচৰসমূহ ফলপ্ৰসূ তদন্তৰ বাবে নিয়াক দায়িত্ব দিয়া হৈছে।
জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। তেওঁলোকক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আৰু ৰাজ্যত আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।