প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে অৰুণাচল প্ৰদেশৰ ছি য়োমি জিলাত ‘হিও জলবিদ্যুত্ প্ৰকল্প’ (এইচইপি) নিৰ্মাণৰ বাবে ১৯৩৯ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। প্ৰকল্পটো নিৰ্মাৰ বাবে আনুমানিক সম্পূৰ্ণতাৰ ম্যাদ হৈছে ৫০ মাহ।
২৪০ মেগাৱাট (৩ X ৮০ মেগাৱাট) স্থাপিত ক্ষমতাৰ প্ৰকল্পটোৱে ১০০০ নিযুত একক (এমইউ) শক্তি উৎপাদন কৰিব। প্ৰকল্পটোৰ পৰা উৎপাদিত শক্তিয়ে অৰুণাচল প্ৰদেশ ৰাজ্যত বিদ্যুৎ যোগানৰ স্থিতি উন্নত কৰাত সহায় কৰিব আৰু ‘ৰাষ্ট্ৰীয় গ্ৰিড’ৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব।
এই প্ৰকল্পটো ‘নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড’ (এনইইপিচিঅ’) আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত এক যুটীয়া উদ্যোগ কোম্পানীৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। ভাৰত চৰকাৰে ৰাজ্যখনৰ ‘ইকুইটী’ অংশৰ বাবে ১৩০.৪৩ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্যৰ উপৰিও আন্তঃগাঁথনি সক্ষম কৰাৰ অধীনত পথ, দলং আৰু সংশ্লিষ্ট ট্ৰেন্সমিশ্যন লাইন নিৰ্মাণৰ বাবে বাজেটীয় সমৰ্থন হিচাপে ১২৭.২৮ কোটি টকা আগবঢ়াব।
ৰাজ্যখনে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন আৰু আৰ্থ-সামাজিক বিকাশৰ উপৰিও ১২% মুক্ত বিদ্যুৎ আৰু স্থানীয় এলেকা উন্নয়ন পুঁজি (এলএডিএফ)ৰ বাবে আন ১%ৰে লাভান্বিত হ’ব।
এই প্ৰকল্পটোৱে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সংগতি ৰাখি স্থানীয় যোগানকৰ্তা/উদ্যোগ/এমএছএমইসমূহক বিভিন্ন লাভালাভ প্ৰদান কৰিব। নিৰ্মাণ পৰ্যায়ত, প্ৰকল্পটোত ‘নীপকো’ৰ পৰা প্ৰায় ২০০ জন কৰ্মচাৰী আৰু ঠিকাদাৰৰ পৰা প্ৰায় ৪০০ শ্ৰমিকৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও, প্ৰকল্পটোৱে ইয়াৰ কাৰ্যকৰীকৰণৰ সময়ত বিভিন্ন সৰু সৰু চুক্তি আৰু সেৱাৰ জৰিয়তে স্থানীয় সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। প্ৰকল্পটোৱে পৰিচালনা আৰু তত্বাৱধানৰ সময়তো নিযুক্তি প্ৰদান কৰিব। তদুপৰি, ইয়াৰ বিকাশে পৰিবহন, পৰ্যটন, ক্ষুদ্ৰ ব্যৱসায়ৰ দৰে ক্ষেত্ৰত নিযুক্তি সৃষ্টি কৰিব।