मंगलवार, नवंबर 26 2024 | 03:19:25 PM
Breaking News
Home / Choose Language / Assamese / পিআইবি, গুৱাহাটীৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৱেভছ মিট এণ্ড গ্ৰীট কাৰ্য্যসূচী সম্পন্ন

পিআইবি, গুৱাহাটীৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৱেভছ মিট এণ্ড গ্ৰীট কাৰ্য্যসূচী সম্পন্ন

Follow us on:

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীৰ উদ্যোগত আজি গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব অডিঅ’ ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলনৰ (WAVES) অংশস্বৰূপে মিট এণ্ড গ্ৰীট কাৰ্য্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্য্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক সংবাদ মাধ্যম, মনোৰঞ্জন আৰু কন্টেন্ট সৃষ্টিৰ গতিশীল জগতখনৰ সৈতে জড়িত হোৱাৰ এক অনন্য সুযোগ তথা তেওঁলোকক বৰ্তমানৰ উদ্যোগটোৰ ধাৰাসমূহৰ সন্দৰ্ভত আভাস প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ভাৰতৰ দ্ৰুত-বৰ্ধমান ক্ৰিয়েটিভ খণ্ডত ভৱিষ্যতৰ কেৰিয়াৰৰ সম্ভাৱনাসমূহৰ অন্বেষণ কৰিবলৈ সক্ষম হয়।

এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ ডিজি শ্ৰী কে. সতীশ নাম্বুদিৰিপাদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ ননী গোপাল মহন্তই অংশগ্ৰহণ কৰে। ইয়াত উদ্বোধনী ভাষণ আগবঢ়াই শ্ৰী নাম্বুদিৰিপাদে ৱেভছৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপেৰে এয়া ডিজিটেল প্লেটফৰ্মত যুৱ সমাজৰ সৃজনীশীলতাৰ উদযাপন আৰু ইয়াক প্ৰোৎসাহনৰ অৰ্থে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা এটি পদক্ষেপ বুলি কয়। তেওঁ কয় যে সৃজনীশীলতা এই বিশ্বৰ ভৱিষ্যৎ হ’বলৈ আগবাঢ়িছে। আজিৰ মিট এণ্ড গ্ৰীটৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে তেওঁ কয় যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৱেভছৰ অন্তৰ্গত ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা, তেওঁলোকৰ সৃজনীশীলতাৰ প্ৰকাশ আৰু উদ্ভাৱনৰাজিক প্ৰদৰ্শন কৰা।

ডঃ ননী গোপাল মহন্তই তেওঁৰ বক্তব্যত আজিৰ বিশ্বখনত উদ্ভাৱন আৰু সৃজনীশীলতাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবে ইয়াৰ চহকী সংস্কৃতি আৰু পৰম্পৰা প্ৰসূত ধাৰণাসমূহৰ বাবে অপৰিসীম সুযোগ আগবঢ়াইছে। সঁচাকৈয়ে উদ্ভাৱনীমূলক হ’বলৈ আমি আমাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব, মাটি আৰু ইয়াৰ মানুহৰ সৈতে জড়িত হ’ব লাগিব বুলিও তেওঁ লগতে কয়।

ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে “আমি পোহৰ বিচাৰি যাওঁ” শীৰ্ষক এখনি বাটৰ নাট পৰিবেশন কৰে।

বিশ্ব অডিঅ’ ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলনৰ (WAVES) আৰম্ভণি হিচাপে আজিৰ এই মিট এণ্ড গ্ৰীট ইভেন্টত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰী সঞ্জীৱ পৰাশৰ (ফেকাল্টী- ডিবিএইচআৰএফটিআই), শ্ৰী জ্যোতিদীপ বৈশ্য, (কাৰ্য্যবাহী সম্পাদক-টাইম৮), শ্ৰীমতী মৌমিতা বিশ্বাস (কন্টেন্ট ক্ৰিয়েটৰ), শ্ৰী কৃপাঞ্জল ৰাজবংশী (এংকৰ-ডিডি নিউজ অসমীয়া)ৰ দৰে উদ্যোগটোৰ পেছাদাৰীসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰে। ইয়াক যুৱ কল্পনাক উজ্জীৱিতকৰণ, তেওঁলোকৰ সৃজনীশীলতাক লালন-পালন আৰু সংবাদ মাধ্যমৰ স্পন্দনশীল জগতখনত নিজৰ নাম উজলাই তুলিব বিচৰা উচ্চাকাংক্ষী পেছাদাৰীসকলৰ বাবে দুৱাৰ মুকলি কৰিবলৈ আয়োজন কৰা হয়।

এই কাৰ্য্যসূচীৰ অন্যতম দিশ আছিল ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জছ – ছিজন ১। ইয়াৰ অধীনত ভিন্ন মিডিয়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা প্ৰদৰ্শনৰ লক্ষ্যৰে একাধিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত অনলাইন চেলেঞ্জ যেনেঃ ফিল্ম পোষ্টাৰ মেকিং আৰু ৰিল মেকিং প্ৰতিযোগিতা অনুষ্ঠিত হয়, যিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে ভিজুৱেল ষ্টৰী টেলিং আৰু আকৰ্ষণীয় চমু ভিডিঅ’ কন্টেন্টৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনলাইন চেলেঞ্জৰ উপৰিও এই কাৰ্য্যসূচীত অফলাইন প্ৰতিযোগিতা- অপেন মাইক প্ৰতিযোগিতা অনুষ্ঠিত হয়, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাৰাজি— যথা সংগীত, কবিতা, ষ্টেণ্ড-আপ কমেডী বা নৃত্য আদি প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰে।

এই কাৰ্য্যসূচীয়ে কেৱল ব্যৱহাৰিক শিক্ষণ আৰু সৃজনীশীলতাক প্ৰোৎসাহিতকৰণেই নহয়, বৰঞ্চ ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগৰ পেছাদাৰীসকলৰ মাজত সহযোগিতাকো উৎসাহিত কৰিছে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

নমস্কাৰ বন্ধুসকল, এয়া শীতকালীন অধিৱেশন আৰু পৰিবেশটোও ঠাণ্ডা হৈ থাকিব। আমি ২০২৪ৰ অন্তিম ক্ষণত উপনীত …