ভাৰতীয় সংবিধান গৃহীত হোৱা আৰু গণৰাজ্য হিচাপে ভাৰতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বছৰ-জোৰা উদযাপন কাৰ্য্যসূচী আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ অংশস্বৰূপে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়া সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP) উদ্বোধন কৰা হয়।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ শ্ৰীযুত সৌমিত্ৰ শইকীয়াই উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াৰ শোভাবৰ্ধন কৰে। ইয়াত উদ্বোধনী ভাষণ আগবঢ়াই ন্যায়াধীশ ডাঙৰীয়াই সংবিধানৰ কাম-কাজৰ অগ্ৰগতি সাধনৰ বাবে গ্ৰহণ কৰিব পৰা পদক্ষেপৰাজিৰ ওপৰত আলোকপাত কৰে যেনে- প্ৰযুক্তিৰ অভিযোজনা, সামৰ্থ্য বিকাশ, ন্যায়িক বিষয়া, আইনৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান, আউটৰিচ কাৰ্য্যসূচী, এডিআৰ ব্যৱস্থাক সুদৃঢ়কৰণ, ন্যায়িক জবাবদিহিতাক প্ৰোৎসাহিতকৰণ। মুখ্য অতিথিগৰাকীয়ে আৰু কয়, “ন্যায় কেৱল প্ৰদানেই নহয়, বৰঞ্চ ই স্বচ্ছতাক প্ৰোৎসাহনেৰে সাধন হোৱা বুলিও দেখিবলৈ পাব লাগে।“
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন (CBC), গুৱাহাটীৰ উদ্যোগত আৰু এনএলইউজেএএ-ৰ সহযোগত ২৫-২৭ নৱেম্বৰত অনুষ্ঠিতব্য এই তিনি-দিনীয়া প্ৰচাৰ কাৰ্য্যসূচীৰ লক্ষ্য হৈছে সাংবিধানিক অধিকাৰ, সংবিধানক সৰ্বোচ্চ কৰি ৰখাত নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য-ভূমিকা, আইনী অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় সংবিধান দিৱসৰ তাৎপৰ্য্য সম্পৰ্কে আলোচনাক উৎসাহিতকৰণ।
ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকাই সংবিধানে শ্ৰেণী-বিভাজন আৰু বৈষম্যৰ ব্যৱস্থাৰ বিৰুদ্ধে কেনেদৰে সুৰক্ষা প্ৰদান কৰে, সেই সন্দৰ্ভত ভাষণ আগবঢ়ায়।
এই অনুষ্ঠানত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ কেভিএছ শৰ্মাই শক্তিশালী সংবিধানৰদ্বাৰা সমৰ্থিত আইনৰ শাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সাংবিধানিক যন্ত্ৰৰ ভাঙোনে এখন ৰাষ্ট্ৰৰ অশান্তি আৰু অস্থিৰতাৰ সূচনা কৰিব পাৰে।
ইয়াত প্ৰসাৰ ভাৰতীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী আশীষ ভাটনাগৰে আমাৰ সংবিধান–আমাৰ সন্মান সন্দৰ্ভত নিজৰ চিন্তা ব্যক্তকৰণেৰে সংবিধানৰ উদাৰ প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ৰাজহুৱা সম্প্ৰচাৰকে পালন কৰা ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। “আকাশবাণীয়ে গাম্ভীর্য্যতা আৰু নিৰ্ভৰযোগ্যতাৰ এক অনন্য অনুভূতি প্ৰদান কৰে। ইয়াত চৰকাৰী নীতি, শিক্ষামূলক কাৰ্য্যসূচী আৰু একাধিক তথ্য প্ৰচাৰ কৰা হয়”, তেওঁ কয়। তেওঁ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক নাগৰিকৰ আইনী অধিকাৰৰ অধিক প্ৰসাৰৰ বাবে আকাশবাণীক মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ আৰু চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱে আমাৰ সংবিধান–আমাৰ সন্মান অভিযান আৰু জনসাধাৰণৰ মাজলৈ এই অভিযানক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেদৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় নিয়োজিত হৈছে, সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
চিবিচি, গুৱাহাটীৰ উদ্যোগত আৰু এনএলইউজেএএ-ৰ সহযোগত আয়োজিত উক্ত তিনি-দিনীয়া কাৰ্য্যসূচীত আইনী অধিকাৰ আৰু ৰাষ্ট্ৰীয় সংবিধান দিৱসৰ তাৎপৰ্য্য সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে আন্তঃবিশ্ববিদ্যালয় কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰ লগতে অধিবেশন আৰু পেনেল আলোচনাৰ আয়োজন কৰা হৈছে।
আজি আৰম্ভণিতে আয়োজিত আন্তঃবিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতাত ভিন্ন বিশ্ববিদ্যালয় যথা– গুৱাহাটী বিশ্ববিদ্যালয়, এনএলইউজেএএ, আৰজিইউ, ভট্টদেৱ বিশ্ববিদ্যালয় আদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
এই আউটৰিচ প্ৰগ্ৰেমৰ অংশ হিচাপে ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে চিবিচি, গুৱাহাটীয়ে অধিবেশন আৰু পেনেল আলোচনাৰ আয়োজন কৰিছে। এই কাৰ্য্যসূচীত আইনৰ পেছাদাৰী আৰু শিক্ষাবিদসকলে যোগদান কৰিব।
ইয়াত মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অচিন্ত্য মল্ল বুজৰবৰুৱা, মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) মীৰ আলফাজ আলী, ন্যায়িক একাডেমী-অসমৰ সঞ্চালক, প্ৰাক্তন মহাধিবক্তা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ প্ৰাক্তন বিভাগীয় মুৰব্বী আৰু ডিন, ফেকাল্টী অৱ ল শ্ৰী ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ আইনৰ অধ্যাপক ডঃ দেৱাশীষ পোদ্দাৰ, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী ভাৰতী ভৰালীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিব।
মহিলাৰ আইনী অধিকাৰ, শিশু শ্ৰমিক আইন, দিব্যাংগসকলৰ অধিকাৰ, শিশু সুৰক্ষা, বাল্য বিবাহ প্ৰতিৰোধ আদি বিষয়কে প্ৰমুখ্য কৰি আইনী বিষয়সমূহৰ সন্দৰ্ভত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে কামৰূপ (গ্ৰাম্য)ৰ ভিন্ন প্ৰান্তত আইনী সাহায্য শিবিৰ স্থাপন কৰা হ’ব। এনে শিবিৰ আয়োজনৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ আইনী বিষয়সমূহৰ সন্দৰ্ভত সজাগতাৰ বৰ্ধন ঘটোৱা।
এই সজাগতা কাৰ্য্যসূচীৰ অংশ হিচাপে বাটৰ নাট (street plays)ৰো পৰিকল্পনা কৰা হৈছে।
পটভূমিঃ
ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে ২০২৪ৰ ২৪ জানুৱাৰীত নতুন দিল্লীস্থিত ডঃ বি.আৰ. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰতীয় সংবিধান সম্পৰ্কে ধাৰণাৰ প্ৰসাৰ আৰু নাগৰিকসকলৰ মাজত আইনী অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল।