सोमवार, दिसंबर 23 2024 | 08:43:51 AM
Breaking News
Home / Choose Language / Assamese / “লাইট, কেমেৰা, গোৱা! আইএফএফআই ২০২৪ ত বিলীন হওঁ আহক”

“লাইট, কেমেৰা, গোৱা! আইএফএফআই ২০২৪ ত বিলীন হওঁ আহক”

Follow us on:

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু এণ্টাৰটেইনমেণ্ট চ’চাইটি অফ গোৱা (ইএছজি)ৰ সহযোগত ২০ ৰ পৰা ২৮ নৱেম্বৰ ২০২৪ লৈ গোৱাত ৫৫ সংখ্যক  আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) আয়োজন কৰিবলৈ সাজু হৈছে। গল্পকাৰ আৰু চিনেমা উৎসাহী সকলৰ একেধৰণে আনন্দিত হোৱাৰ কাৰণ আছে,  কিয়নো ভাৰতীয় ৫৫  সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) এক জীৱন্ত ৰূপত আৰু বৈচিত্ৰ্যপূৰ্ণ  কাৰ্যসূচীৰে  আৰম্ভ হ’বলৈ সাজু হৈছে। ইয়াত বিশ্বব্যাপী চলচ্চিত্ৰৰ এক অবিস্মৰণীয় উদযাপনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ সচিব ড০ এল মুৰুগানৰ উপস্থিতিত আজি ৫৫ সংখ্যক আইএফএফআইৰ  এখন সংবাদমেলত অনুষ্ঠিত কৰে । তথ্য আৰু সম্প্ৰচাৰ  দপ্তৰৰ  সচিব, সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ সচিব শ্ৰীমতী , আই এফ এফ আই মহোৎসৱৰ সঞ্চালক নীৰজা শেখৰ,  চিবিএফচিৰ অধ্যক্ষ শেখৰ কাপুৰ,  প্ৰসূণ যোশী আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ।

ভাষণ প্ৰসংগত  ড০ এল মুৰুগানে বিশ্বৰ মঞ্চত এই উৎসৱৰ সন্মানীয় ভূমিকাৰ বিষয়ে  আলোকপাত কৰে। তেওঁ কয়, “আইএফএফআই কেৱল ভাৰতৰ বাবেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈ পৰিছে, যি কানৰ দৰে গোলকীয় উৎসৱৰ সৈতে তুলনা কৰিব পৰা উৎসৱ হৈ পৰিছে।” ড০ মুৰুগানে উৎসৱৰ অভিজ্ঞতা সমৃদ্ধ কৰাৰ বাবে প্ৰতি বছৰে গ্ৰহণ কৰা অনন্য পদক্ষেপসমূহৰবিষয়ে আলোকপাত  কৰে আৰু উল্লেখ কৰে যে এই বছৰৰ সংস্কৰণত আন্তৰ্জাতিক চলচ্চিত্ৰ অন্তৰ্ভূক্তিৰ বাবে এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।

ৰাজহুৱা অংশগ্ৰহণ  বৃদ্ধিৰ বাবে  মন্ত্ৰালয়ে মুম্বাই আৰু চেন্নাইৰ শেহতীয়া অনুষ্ঠানকে ধৰি মুখ্য চহৰসমূহত প্ৰচাৰমূলক ৰোড শ্ব’ৰ আয়োজন কৰিছে।  হায়দৰাবাদতো তেনে অনুষ্ঠান  অনুষ্ঠিত কৰা হব। ড০ মুৰুগানে উদ্যোগৰ নেতৃবৃন্দক এই উৎসৱক তেওঁলোকৰ নিজৰ বুলি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়  যে  এই মহোৎসৱে আত্মনিৰ্ভৰ  ভাৰতৰ আত্মা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএফএফআইক বিশ্বব্যাপী প্ৰসিদ্ধ চলচ্চিত্ৰ অনুষ্ঠান হিচাপে স্থান দিয়াৰ দৃষ্টিভংগীক  প্ৰতিফলিত কৰে । তেওঁ  লগতে গোৱাত অনুষ্ঠিত বহলগীয়া  উৎসৱত যোগদান কৰিবলৈ লোকসকলোকে আহ্বান জনায়।

আইএফএফআই ২০২৪ -ৰ বিষয়বস্তু: ‘যুৱ চলচ্চিত্ৰ নিৰ্মাতা’ – “দ্য ফিউচাৰ ইজ নাও”

আইএফএফআই ২০২৪ -ৰ বিষয়বস্তুত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ দৃষ্টিভংগী অনুসৰি “যুৱ চলচ্চিত্ৰ নিৰ্মাতা”ৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যি সৃষ্টিশীলতাৰ ভৱিষ্যত গঢ়ি তোলাত যুৱ প্ৰজন্মৰ  সম্ভাৱনাক স্বীকৃতি দিয়ে।

“ভাৰতে  বিভিন্ন বিন্যাস আৰু দৃষ্টিভংগী গ্ৰহণ কৰি দ্ৰুতগতিত বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰ হিচাপে উদীয়মান হৈছে। আমাৰ উদ্যোগৰ ভিতৰত নতুন, উদীয়মানসকলে দেশক গঢ় দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,” আজি অনুষ্ঠানৰ  প্ৰাৰম্ভিক ভাষণৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে এনেদৰে  কয়। তেওঁ লগতে কয় যে আইএফএফআই ২০২৪ চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰপ্ৰেমী দুয়োৰে বাবে আয়োজন কৰা হৈছে আৰু ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ  কণ্ঠস্বৰক অগ্ৰাধিকাৰ দিয়া হৈছে , বিশেষকৈ উদীয়মান যুৱ চলচ্চিত্ৰ নিৰ্মাতা সকলক যিসকলে দেশৰ সাংস্কৃতিক আখ্যান গঢ়ি তোলাত সহায় কৰিব পাৰে।

আগৰ সংস্কৰণবোৰত ৭৫ জনৰ পৰা ১০০ জন যুৱ প্ৰতিভাক সমৰ্থন কৰিবলৈ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো প্লেটফৰ্ম গ্ৰহণ কৰা হৈছিল। সমগ্ৰ দেশৰ চলচ্চিত্ৰ সম্পৰ্কীয়  বিদ্যালয়ৰ ৪০০ জন যুৱ চলচ্চিত্ৰ শিক্ষাৰ্থীক মন্ত্ৰালয়ে আইএফএফআইত উপস্থিত থাকিবলৈ সুবিধা প্ৰদান কৰিছে।

সমগ্ৰ ভাৰতৰ যুৱ চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত  প্ৰতিভাক স্বীকৃতি দিবলৈ শ্ৰেষ্ঠ আত্মপ্ৰকাশ ভাৰতীয় পৰিচালকৰ এটা নতুন শাখা আৰু সেই শাখাত বঁটা আৰম্ভ কৰা হৈছে। মাষ্টাৰক্লাছ, পেনেল আলোচনা, চলচ্চিত্ৰ বজাৰ আৰু চলচ্চিত্ৰ পেকেজ সকলোবোৰ যুৱ সৃষ্টিকৰ্তাৰ বাবে প্ৰস্তুত কৰা হৈছে। আইএফএফআই ২০২৪ -এ চলচ্চিত্ৰৰ কিংবদন্তীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু বিশেষ শাখা আৰু প্ৰদৰ্শনীৰ জৰিয়তে বিভিন্ন দৃষ্টিভংগী প্ৰদৰ্শন কৰিব, যাৰ ফলত গোৱাত  দৰ্শকে  এক অনন্য অভিজ্ঞতা লাভ কৰিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবে  ৫৫ সংখ্যক  আইএফএফআইৰ সহযোগিতামূলক  বিষয়তো  আলোকপাত কৰে, ইয়াক সঁচাকৈয়ে চলচ্চিত্ৰ উদ্যোগ আৰু উদ্যোগৰ নেতৃত্বত এক উৎসৱ বুলি তেওঁ বৰ্ণনা কৰে। বহু প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰে উৎসৱ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ এই মহোৎসৱক ঐতিহাসিক বুলি অভিহিত কৰে।

আইএফএফআই: কাহিনী কোৱাৰ কলা উদযাপনৰ সময়

মহোৎসৱৰ পৰিচালক শেখৰ কাপুৰে চলচ্চিত্ৰত কাহিনী কোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে, ইয়াক তেওঁ চলচ্চিত্ৰৰ পৰা লাভ কৰা  অভিজ্ঞতাৰ মূল কেন্দ্ৰ বুলি অভিহিত কৰে।

“দ্ৰুতগতিত বিকশিত হোৱা পৃথিৱীখনত কাহিনী কোৱাৰ শিল্পকলা সংৰক্ষণ কৰাটো আগতকৈ অধিক অত্যাৱশ্যকীয় হৈ পৰিছে,” তেওঁ কয়। তেওঁ লগতে কয় যে কাহিনীবোৰে চিনেমাক প্ৰভাৱশালী কৰি তোলে। তেওঁৰ এনে  মন্তব্যই  এই কালজয়ী কলাক সন্মান আৰু প্ৰতিপালন কৰাৰ বাবে উৎসৱৰ প্ৰতিশ্ৰুতিকে  প্ৰতিফলিত কৰে।

ভাৰত: অস্থিৰ সপোনৰ দেশ

চিবিএফচিৰ অধ্যক্ষ প্ৰসূন যোশীয়ে ভাৰতক “অস্থিৰ সপোনৰ দেশ” বুলি অভিহিত কৰি  কাহিনী বৰ্ণনা কৰাসকলক এখন মঞ্চ দিয়াৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।  তেওঁ এনে প্ৰতিভাক উন্নত কৰা, তেওঁলোকক বিশ্বৰ সন্মুখলৈ অনাত আইএফএফআইৰ ভূমিকাৰ বিষয়তো আলোকপাত কৰে আৰু আইএফএফআই ২০২৪ ৰ  বিষয়বস্তুৰ পুনৰাবৃত্তি কৰে। তেওঁ কয় “যিটো সাধাৰণতে  শুনা নাযায় সেয়া বিশ্বৰ সৈতে ভাগ বতৰা কৰিব লাগিব,”। তেওঁ  ভৱিষ্যতৰ  সৃষ্টিশীল মন বোৰক  লালন-পালন আৰু সমৰ্থন কৰাৰ বাবে মন্ত্ৰালয়ৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

আইএফএফআই ২০২৪ -ৰ মুখ্য মুখ্য আকৰ্ষণসমূহ

বিশ্বব্যাপী অংশগ্ৰহণ আৰু চলচ্চিত্ৰ প্ৰদৰ্শন

এই বছৰৰ আই.এফ.এফ.আই.-য়ে ১০১  খন দেশৰ পৰা ১,৬৭৬  টা দাখিল লাভ কৰিছে, যি উৎসৱৰ বৰ্ধিত আন্তৰ্জাতিক স্থিতিৰেই  এক প্ৰমাণ। আইএফএফআই ২০২৪ -ত ৮১  খন দেশৰ ১৮০ + তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উপস্থাপন কৰা হ’ব, যাৰ ভিতৰত আছে ১৫  খন বিশ্ব প্ৰিমিয়াৰ, ৩ টা আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ৪০খন এছিয়ান প্ৰিমিয়াৰ আৰু ১০৬  খন ভাৰতীয় প্ৰিমিয়াৰ।

উদ্বোধনী চলচ্চিত্ৰ: মাইকেল গ্ৰেচিৰ বেটাৰ মেন

মহোৎসৱ  মাইকেল গ্ৰেছিৰ বেটাৰ মেন নামৰ এখন অষ্ট্ৰেলিয়ান চলচ্চিত্ৰৰ এছিয়া প্ৰিমিয়াৰৰ সৈতে আৰম্ভ হব।  যি খন ছবিয়ে   প্ৰতিষ্ঠিত ব্ৰিটিছ পপ তাৰকা ৰবি উইলিয়ামছৰ জীৱনৰ এক মনোমোহা আভাস প্ৰদান কৰিছে, যাক জোনো ডেভিছে এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনৰ জড়িয়তে  চিম্পাঞ্জিৰ চৰিত্ৰৰে  চিত্ৰিত কৰিছে।

সত্যজিৎ ৰায় জীৱনজোৰা প্ৰাপ্তি বঁটা: আইএফএফআই ২০২৪ ত  অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ আৰু পুৰস্কৃত পৰিচালক ফিলিপ নয়চক সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হব। তেওঁ তেওঁৰ ব্যতিক্ৰমী কাহিনী বৰ্ণনা কৰা  আৰু ৰহস্যময়, সাংস্কৃতিকভাৱে অনুনাদিত চলচ্চিত্ৰ নিৰ্মাণত নিপুণতাৰ বাবে জনাজাত। নয়চৰ ফিল্মোগ্ৰাফীত পেট্ৰিয়াট গেমছ, ক্লিয়াৰ এণ্ড প্ৰেজেণ্ট ডেঞ্জাৰ, চল্ট, দ্য ছেইণ্ট, দ্য বোন কালেক্টৰ আদিৰ দৰে  কালজয়ী চলচ্চিত্ৰ অন্তৰ্ভুক্ত হৈ আছে। হেৰিচন ফৰ্ড, নিকোল কিডমেন, এঞ্জেলিনা জোলি, ডেনজেল ৱাশ্বিংটন আৰু মাইকেল কেইনৰ দৰে প্ৰসিদ্ধ অভিনেতাসকলৰ সৈতে তেওঁৰ সহযোগিতাই চিনেমাৰ ওপৰত তেওঁৰ স্থায়ী প্ৰভাৱৰ  কথাকেই প্ৰমাণ কৰি আহিছে।

আন্তৰ্জাতিক প্ৰতিযোগিতা শাখা: ১৫ খন ফিচাৰ ফিল্ম (১২ আন্তৰ্জাতিক + ৩ ভাৰতীয়) আকাংক্ষিত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, এটা সোণালী ময়ূৰ আৰু ৪০ লাখ টকাৰ পুৰস্কাৰৰ  প্ৰতিযোগিতাত তালিকাভুক্ত কৰা হৈছে। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ উপৰি, , জুৰীয়ে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ), শ্ৰেষ্ঠ অভিনেতা  (মহিলা), বিশেষ জুৰী পুৰস্কাৰ শ্ৰেণীত বিজয়ী নিৰ্ধাৰণ কৰিব।

শ্ৰেষ্ঠ ফিচাৰ ফিল্ম ডেবিউ পৰিচালক – ৫ আন্তৰ্জাতিক + ২ ভাৰতীয় চলচ্চিত্ৰই এই শাখাত আকাংক্ষিত ৰূপালী ময়ূৰৰ বাবে, ১০  লাখ টকা নগদ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰ শাখাত প্ৰতিদ্বন্দিতা কৰিব।

আন্তৰ্জাতিক জুৰী – শ্ৰীযুত আশুতোষ গোৱাৰিকাৰ (অধ্যক্ষ), বহু  প্ৰশংসিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা, এন্থনী চেন এগৰাকী  ছিংগাপুৰৰ প্ৰখ্যাত লেখক, পৰিচালক আৰু প্ৰযোজক, এলিজাবেথ কাৰ্লচেন, সন্মানীয় ইউকে প্ৰযোজক, ফ্ৰান বৰগিয়া এছিয়াত অৱস্থিত এগৰাকী বিশিষ্ট প্ৰযোজক, আৰু জিল বিলকক এগৰাকী প্ৰখ্যাত অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ সম্পাদক।

ভাৰতীয় পেনোৰামা: ভাৰতৰ চলচ্চিত্ৰ বৈচিত্ৰ্য প্ৰদৰ্শন: ভাৰতীয় পেনোৰামা শাখাত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰা ২৫ খন ফিচাৰ ফিল্ম আৰু ২০  খন অনা-ফিচাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। এই খণ্ডটোত অন্তৰ্ভুক্ত আছে ৰণদীপ হুডাৰ দ্বাৰা পৰিচালিত উদ্বোধনী ফিচাৰ ফিল্ম, স্বতন্ত্ৰ বীৰ সাভাৰকাৰ (হিন্দী), আৰু উদ্বোধনী অনা-ফিচাৰ চলচ্চিত্ৰ, ঘৰ জেইচা কুছ (লাডাখি)

শ্ৰেষ্ঠ ভাৰতীয় আত্মপ্ৰকাশ পৰিচালক – এয়া হৈছে সমগ্ৰ দেশতে যুৱ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতিভাক স্বীকৃতি দিবলৈ আৰম্ভ কৰা এটা নতুন বঁটা। ইয়াত আইএফএফআইৰ বিষয়বস্তুৰ সৈতে সংযোজিত হৈ ‘যুৱ চলচ্চিত্ৰ নিৰ্মাতা’ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মুঠ ১০২ খন চলচ্চিত্ৰ দাখিলৰ ৫ খন চলচ্চিত্ৰই এই বঁটাৰ বাবে প্ৰতিযোগিতা কৰিব। সামৰণি অনুষ্ঠানত পৰিচালকক ৫ লাখ টকাৰ লগতে  প্ৰমাণপত্ৰ প্ৰদান কৰা হব।

শ্ৰেষ্ঠ ৱেব চিৰিজ (অ’টিটি) বঁটা: শ্ৰেষ্ঠ ৱেব চিৰিজ (অ’টিটি) বঁটা শ্ৰেণীয়ে যোৱা বছৰৰ ৩২  টাৰ তুলনাত এই বছৰ ৪৬  টা  অন্তৰ্ভূক্তি  লাভ কৰিছে। প্ৰমাণপত্ৰ আৰু ১০ লাখ টকাৰ  নগদ পুৰস্কাৰ বিজয়ী শৃংখলাটোক  পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব, যিটো সামৰণি অনুষ্ঠানত ঘোষণা কৰা হ’ব।

শতবাৰ্ষিকী উদযাপন: আইএফএফআই ২০২৪ -ত ভাৰতীয় চলচ্চিত্ৰ কিংবদন্তী ৰাজ কাপুৰ, মহম্মদ ৰফি, তপন সিনহা, আৰু আক্কিনেনি নাগেশ্বৰ ৰাওক উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত বিশেষ দৃশ্য-শ্ৰাব্য প্ৰদৰ্শন, আৰু আইএফফিষ্টাত  প্ৰদৰ্শনীৰে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

শ্ৰদ্ধাঞ্জলিৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগৰ  দ্বাৰা এক স্মাৰক মাই ষ্টাম্প শৃংখলা মুকলি কৰা হ’ব।

চৰকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছনৰ (এনএফএইচএম) অধীনত এনএফডিচি-এনএফএআইয়ে পুনৰুদ্ধাৰ কৰা এইসকল  বৰেণ্য ব্যক্তিৰ  এখন কালজয়ী চলচ্চিত্ৰও আইএফএফআইত প্ৰদৰ্শিত হ’ব।

আইএফএফআইত প্ৰদৰ্শিত হ’ব লগা পুনৰুদ্ধাৰ কৰা ক্লাছিকবোৰ হৈছে –

আৱাৰা (১৯৫১) – ৰাজ কাপুৰ

দেৱদাসু (১৯৫৩)- আক্কিনেনি নাগেশ্বৰ ৰাও

হাম দোনো (১৯৬১) – মহম্মদ ৰফি

হাৰমোনিয়াম (১৯৭৫) – তপন সিনহা

নতুন কিউৰেটেড শাখা আৰু আন্তৰ্জাতিক প্ৰ’গ্ৰামিং: আইএফএফআই ২০২৪-এ চাৰিটা নতুন আন্তৰ্জাতিক প্ৰ’গ্ৰামিং শাখা প্ৰৱৰ্তন কৰিছে: ৰাইজিং ষ্টাৰ্ছ (উদীয়মান পৰিচালক), মিছন লাইফ (পৰিৱেশ-সচেতন চিনেমাৰ স্পটলাইটিং), অষ্ট্ৰেলিয়া: কাণ্ট্ৰী অফ ফোকাচ, আৰু ট্ৰিটি কাণ্ট্ৰী পেকেজ, য’ত ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ পৰা কিউৰেটেড কৰি  বাছনি কৰা হৈছে। এই খণ্ডবোৰে আই.এফ.এফ.আইক বৈচিত্ৰ্যময় কৰি তুলিব।  ইয়াত  দৰ্শকসকলে স্থিতিস্থাপকতা, উদ্ভাৱন আৰু কলাত্মক বিৱৰ্তনৰ কাহিনী অন্বেষণ কৰিব পাৰিব।

ৱমেন এণ্ড ইয়ং ইমাৰ্জিং ভইচেছ ইন চিনেমা: আইএফএফআই ২০২৪ -য়ে মহিলাৰ দ্বাৰা পৰিচালিত ৪৭  খন চলচ্চিত্ৰ আৰু যুৱ আৰু প্ৰথম চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দ্বাৰা ৬৬  খন ছবিৰ সৈতে বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ সমতা অব্যাহত ৰাখিছে, যি কম প্ৰতিনিধিত্ব কৰাসকলক  উৎসাহিত কৰাৰ অৰ্থে  উৎসৱৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। ৱমেন ইন চিনেমা শাখাই উদীয়মান প্ৰতিভা আৰু মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ত  আলোকপাত কৰিব।

স্ক্ৰীণিঙৰ বাবে ৬ খন অতিৰিক্ত থিয়েটাৰ: আইএনঅ’এক্স মাদগাঁওৰ ৪ খন থিয়েটাৰ আৰু আইএনঅ’এক্স পণ্ডাত ২ খন এই বছৰ উৎসৱ প্ৰদৰ্শনৰ বাবে যোগ দিয়া হৈছে। উৎসৱৰ সময়ত ৫  টা স্থানত২৭০  খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব – আইএনঅ’এক্স পাঞ্জিম (৪), মেকুইনেজ পেলেচ(১), আইএনঅ’এক্স পোৰভোৰিম (৪), আইএনঅ’এক্স মাদগাঁও(৪), আইএনঅ’এক্স পণ্ডা (২) আৰু জেড স্কোৱেৰ সম্ৰাট অশোক (২)। ইয়াৰ উপৰি ৫  খন  ইনফ্লেটেবল থিয়েটাৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে গোৱাত ৰখা হৈছে।

“ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো” উদ্যোগ এই মহোৎসৱত  সম্প্ৰসাৰিত কৰা হৈছে: দ্য ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো (চিএমওটি) উদ্যোগটোৱে এই বছৰ ১,০৩২  টা অন্তৰ্ভূক্তিৰ সৈতে অভিলেখ সৃষ্টিকাৰী  অংশগ্ৰহণ দেখিছে, যি ২০২৩  চনতকৈ  প্ৰায় দুগুণ। এই কাৰ্যসূচীয়ে ১৩  খন চলচ্চিত্ৰ নিৰ্মাণ শিল্পত যুৱ প্ৰতিভা ক উৎসাহিত কৰিব  আৰু প্ৰথমবাৰৰ বাবে ১০০  জন অংশগ্ৰহণকাৰীক বাছনি কৰা হ’ব, যি উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলক  এক অনন্য মঞ্চ প্ৰদান কৰিব।

মাষ্টাৰক্লাছ, পেনেল, আৰু উদ্যোগৰ ব্যস্ততা: চলচ্চিত্ৰ অনুৰাগীসকলে কালা একাডেমীত ২৫ + মাষ্টাৰক্লাছ আৰু পেনেল আলোচনাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। যাৰ নেতৃত্বত থাকিব  এ আৰ ৰহমান, শ্বাবানা আজমী, মণি ৰত্নম, বিধু বিনোদ চোপ্ৰা, আৰু ফিলিপ নয়চ আৰু জন চিলেৰ দৰে আন্তৰ্জাতিক অতিথি। অংশগ্ৰহণকাৰীসকলে শব্দ ডিজাইন, ডিজিটেল যুগৰ  অভিনয়  আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ভৱিষ্যতৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব।

ফিল্ম বজাৰ ২০২৪ , দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বজাৰ: চলচ্চিত্ৰ বজাৰৰ ১৮  সংখ্যক  সংস্কৰণে এতিয়ালৈকে সৰ্ববৃহৎ ৰূপ ল’বলৈ সাজু হৈছে।  চলচ্চিত্ৰ বজাৰৰ বিভিন্ন  স্থানত ৩৫০ + চলচ্চিত্ৰ প্ৰকল্প প্ৰদৰ্শিত কৰাৰ দিহা কৰা হৈছে। জ্ঞানবৰ্ধক  ছবিৰ  শৃংখলাত চলচ্চিত্ৰ নিৰ্মাণ, বিতৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ত  বিশেষ অধিৱেশন আৰু কৰ্মশালা অন্তৰ্ভুক্ত থাকিব। চলচ্চিত্ৰ বজাৰ আইএফএফআইৰ কাষতে অনুষ্ঠিত হয়, য’ত ধাৰণাবোৰ  মূৰ্ত হৈ উঠে , কাহিনীবোৰে কণ্ঠস্বৰ বিচাৰে আৰু সপোনবোৰে আকাৰ লয়। ইয়াতেই চিনেমাৰ ভৱিষ্যত বৰ্তমানৰ সৈতে মিলিত হয়। ২০০৭  চনত ইয়াৰ আৰম্ভণিৰে পৰা, চলচ্চিত্ৰ বজাৰ দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ বজাৰ হৈ পৰিছে।

এই বছৰ, পেভিলিয়ন আৰু প্ৰদৰ্শনীবোৰ ৱাটাৰফ্ৰণ্ট প্ৰমেনাডৰ সৈতে স্থাপন কৰা হ’ব আৰু বিভিন্ন দেশ তথা  ৰাজ্য, চলচ্চিত্ৰ উদ্যোগ, প্ৰযুক্তি আৰু ভিএফএক্স উদ্যোগ আদিয়ে  অভূতপূৰ্ব অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে। পেভিলিয়নত উন্নত উদ্যোগৰ অংশগ্ৰহণ নিশ্চিত কৰাত সহায় কৰিবলৈ এফ.আই.চি.চি.আই.-ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে কেইবাটাও পৰিকল্পনা  কৰা হৈছে। এই বছৰৰ চলচ্চিত্ৰ বজাৰত মুকলি ‘ক্ৰেতা-বিক্ৰেতা’ সভাও আয়োজন কৰা হ’ব,

‘আইএফফিষ্টা’ – ইণ্টাৰেক্টিভ অভিজ্ঞতা আৰু সাংস্কৃতিক উৎসৱ

এই বছৰ, আইএফএফআইয়ে প্ৰথম আইএফএফইষ্টা আয়োজন কৰিব, যি হৈছে চলচ্চিত্ৰ, সংগীত, নৃত্য, খাদ্য, কলা আৰু আন্তঃক্ৰিয়ামূলক অভিজ্ঞতাৰ যাদুৰ জৰিয়তে সম্প্ৰদায়বোৰক একত্ৰিত কৰাৰ বাবে নিৰ্ধাৰিত এক মনোৰঞ্জন মূলক অনুষ্ঠান। ই উৎসৱৰ অংশগ্ৰহণকাৰীৰ বাবে খাদ্য  আৰু সংগীতৰ প্ৰদৰ্শনী আগবঢ়াব, যাৰ ফলত উৎসৱটো অধিক  জীৱন্ত  হৈ পৰিব। কলা একাডেমী আৰু ইয়াৰ আশে-পাশে মনোৰঞ্জন ক্ষেত্ৰসমূহ যুৱসকলৰ বাবে কেন্দ্ৰীভূত হ’ব। জোমাটোৰ অংশীদাৰিত্বৰ জৰিয়তে এনে  ব্যৱস্থাৰ  আয়োজন কৰা হৈছে। ২২  নৱেম্বৰ, ২০২৪ তাৰিখে ফিয়েষ্টাৰ অংশ হিচাপে ‘ভাৰতীয় চলচ্চিত্ৰৰ যাত্ৰা’ৰ সৈতে সংগতি ৰাখি এক কাৰ্নিভাল পেৰেডো আয়োজন কৰা হ’ব।

অভিগম্যতা আৰু অন্তৰ্ভুক্তি: আই.এফ.এফ.আই.-ৰ ইতিহাসত প্ৰথম পদক্ষেপ হিচাবে ৫৫ সংখ্যক  আই.এফ.এফ.আই. হ’ব এক সুলভ আই.এফ.এফ.আই. চলচ্চিত্ৰ মহোৎসৱ। ই  সকলো চিনেমাপ্ৰেমীৰ বাবে সকলো সুবিধা উপলব্ধ হোৱাটো নিশ্চিত কৰিব। বিশেষকৈ দিব্যাংগজনকে ধৰি শাৰীৰিক গতিশীলতা হ্ৰাস পোৱা  লোকসকলৰ সহায়ৰ  বাবে আইএফএফআইয়ে স্বয়ম নামৰ এক অগ্ৰণী সংগঠনক অভিগম্যতা অংশীদাৰ হিচাপে বাছনি কৰিছে।

এফ.এফ.আই. ২০২৪  অন্তৰ্ভুক্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ।  দিব্যাংগজনৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্বেচ্ছাসেৱকসকলক সক্ৰিয় কৰি তোলা হব। আইএফএফআইৰ চলচ্চিত্ৰ, কাৰ্যসূচী আৰু অনুষ্ঠানবোৰ অডিঅ’ বিৱৰণ আৰু সাংকেতিক ভাষাৰ ব্যাখ্যাৰ দৰে অভিগম্যতাৰ সুবিধাৰে সজ্জিত কৰা হৈছে, নানান প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে অভিগম্যতা নিশ্চিত কৰা হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা “সবকা সাথ, সবকা বিকাশ”ৰ মনোভাৱক মূৰ্ত কৰি তোলাৰ প্ৰসায় কৰা হৈছে।

উৎসৱৰ স্থানসমূহৰ ব্ৰেণ্ডিং আৰু সজ্জা – এনএফডিচি আৰু ইএছজিয়ে সকলো উৎসৱ স্থানত ‘একত্ৰিত’ সজ্জা আৰু ব্ৰেণ্ডিংৰ বাবে এনআইডি, আহমেদাবাদৰ সৈতে অংশীদাৰীত্ব কৰিছে।

এই বছৰ, আই.এফ.এফ.আই.-য়ে এক সমৃদ্ধ চলচ্চিত্ৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিয়ে, সাংস্কৃতিক উত্তৰাধিকাৰীৰ সৈতে উদ্ভাৱনৰ মিশ্ৰণ ঘটোৱাৰ প্ৰয়াস কৰিছে আৰু চলচ্চিত্ৰ নিৰ্মাণৰ মনোভাৱ উদযাপন কৰিবলৈ সমগ্ৰ বিশ্বৰ দৰ্শকক আকৰ্ষণ কৰিছে।

প্ৰতিনিধি পঞ্জীয়ন, কাৰ্যসূচী  আৰু আপডেটৰ বিষয়ে অধিক বিৱৰণৰ বাবে, iffigoa.orgত লগ ইন  কৰিব পাৰে।

আইএফএফআইৰ বিষয়ে

আইএফএফআই হৈছে বিশ্বৰ ১৪  টা সৰ্ববৃহৎ আৰু সন্মানীয় ‘আন্তৰ্জাতিক প্ৰতিযোগিতা ফিচাৰ ফিল্ম ফেষ্টিভেল’ৰ ভিতৰৰে এটা । যি  বিশ্বব্যাপী চলচ্চিত্ৰ মহোৎসৱ পৰিচালনা কৰা আন্তৰ্জাতিক ফেডাৰেচন অফ ফিল্ম প্ৰডিউচাৰ এছ’চিয়েচন (এফআইএপিএফ)ৰ দ্বাৰা স্বীকৃত মহোৎসৱ। আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ভিতৰত  কান, বাৰ্লিন আৰু ভেনিছ হৈছে এনে  প্ৰতিষ্ঠিত উৎসৱ। এই মহোৎসৱসমূহো   এফ.আই.এ.পি.এফ.-ৰ দ্বাৰা স্বীকৃত।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …