सोमवार, दिसंबर 23 2024 | 05:24:37 AM
Breaking News
Home / Choose Language / Assamese / আমি উন্নয়ন আৰু ঐতিহ্যৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

আমি উন্নয়ন আৰু ঐতিহ্যৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

Follow us on:

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইগাছ উৎসৱ উপলক্ষে সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ভাৰত উন্নয়ন আৰু ঐতিহ্যৰ সৈতে একেলগে আগবাঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিশেষকৈ উত্তৰাখণ্ডৰ নাগৰিকসকলক শুভেচ্ছা জনাই তেওঁ এই বিশ্বাস ব্যক্ত কৰে যে দেৱভূমিৰ ইগাছ উৎসৱৰ ঐতিহ্য আৰু অধিক উন্নত হ’ব।

এক্স-ৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছে:

“উত্তৰাখণ্ডৰ মোৰ পৰিয়ালৰ সদস্যসহ সকলো দেশবাসীক ইগাছ উৎসৱৰ বাবে বহুত অভিনন্দন! আজি দিল্লীত উত্তৰাখণ্ডৰ লোকসভাৰ সাংসদ অনিল বালুনীজীৰ ঠাইতো মই এই উৎসৱত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছো। মোৰ কামনা এই উৎসৱে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক @anil_baluni “

“আমি উন্নয়ন আৰু ঐতিহ্যক একেলগে লৈ আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই কথাই মোক সন্তুষ্টি দিছে যে লোপ পাবলৈ ধৰা লোক সংস্কৃতি ইগাছ উৎসৱ আকৌ এবাৰ উত্তৰাখণ্ডৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ বাবে বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।”

“উত্তৰাখণ্ডৰ মোৰ ভাই-ভনীসকলে যিদৰে ইগাছৰ পৰম্পৰাক জীৱন্ত কৰি তুলিছে সেয়া অতি উৎসাহজনক। সমগ্ৰ দেশতে যেনেদৰে এই পবিত্ৰ উৎসৱ উদযাপন কৰা হৈছে সেয়া ইয়াৰ পোনপটীয়া প্ৰমাণ। মই নিশ্চিত যে দেৱভূমিৰ এই ঐতিহ্য আৰু অধিক বিকশিত হ’ব। ”

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …