रविवार, दिसंबर 22 2024 | 05:52:23 PM
Breaking News
Home / Choose Language / Assamese / ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত আয়োজিত স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ কৰ্মশালাৰ সফল সামৰণি

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত আয়োজিত স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ কৰ্মশালাৰ সফল সামৰণি

Follow us on:

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত অসমৰ গুৱাহাটীত আয়োজিত স্প্ৰিংশ্বেড ব্যৱস্থাপনা, ২০২৪ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। দুদিনীয়া এই কাৰ্য্যসূচীত সমগ্ৰ ভাৰতৰ বিশিষ্ট বিশেষজ্ঞ, চৰকাৰী প্ৰতিনিধি আৰু অংশীদাৰসকল সমবেত হৈ স্প্ৰিং-নিৰ্ভৰশীল অঞ্চলসমূহৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ জল সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা কৰে।

এই কৰ্মশালাৰ দ্বিতীয় আৰু অন্তিম দিনা স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ ক্ষেত্ৰত সমাজৰ অংশগ্ৰহণ, ক্ষেত্ৰ অধ্যয়ন আৰু নিৰীক্ষণত গুৰুত্ব আৰোপ কৰা হয়। পেনেল আলোচনাত কাৰ্য্যসূচী ৰূপায়ণ, অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ভৱিষ্যতৰ কৌশলসমূহক সামৰি লোৱা হয়।

এই কৰ্মশালাৰ এক উল্লেখযোগ্য ফলশ্ৰুতি হিচাপে ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব শ্ৰী সুবোধ যাদৱে (আইএএছ) ইয়াত নিৰ্ধাৰিত সন্মুখৰ পথ (Way Forward) শীৰ্ষক এখনি নথি উন্মোচন কৰে। ইয়াত স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ বাবে এক বিস্তৃত পৰিকল্পনা যুগুতৰ বাবে প্ৰস্তাৱ আৰু অংগীকাৰৰ কথা উল্লেখ কৰা হৈছে। প্ৰস্তাৱসমূহে জলসম্পদৰ বহনক্ষম ব্যৱস্থাপনা, স্প্ৰিংশ্বেড মেপিং আৰু সমাজ-ভিত্তিক সংৰক্ষণ পন্থাৰ বাবে লক্ষ্যসমূহত আলোকপাত কৰিছে। অভিযোজনা কৰা মূল নীতিসমূহৰ ভিতৰত আছে স্প্ৰিংসমূহক পানীৰ অপৰিহাৰ্য্য উৎস হিচাপে সুৰক্ষিতকৰণ, সামগ্ৰিক স্প্ৰিংশ্বেড ব্যৱস্থাপনা তথা জলবায়ু অভিযোজন আৰু বহনক্ষম পদ্ধতিৰ জৰিয়তে স্থিতিস্থাপকতা গঢ়ি তোলা। এই কাঠামোৱে পৰম্পৰাগত জ্ঞানক পুনৰুজ্জীৱিতকৰণ, পানীৰ গুণাগুণ বৃদ্ধি, প্ৰযুক্তিৰ সহায় লোৱা আৰু লিংগ সমতা তথা সমাজৰ অংশগ্ৰহণতো গুৰুত্ব আৰোপ কৰে।

কৰ্মশালাখনিয়ে চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা (NGO) আৰু স্থানীয় সমাজৰ মাজত অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। সহভাজিত জ্ঞান আৰু সম্পদৰ জৰিয়তে এনে সহযোগিতাৰ লক্ষ্য হৈছে স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ বাবে এক বিস্তৃত ৰোডমেপ নিৰ্ধাৰণ কৰা যিয়ে স্প্ৰিংৰ উৎসৰ ওপৰত নিৰ্ভৰশীল সমাজসমূহৰ বাবে পানীৰ বহনক্ষম সমাধান নিশ্চিত কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …