रविवार, दिसंबर 22 2024 | 05:33:39 PM
Breaking News
Home / Choose Language / Assamese / পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ (DoPPW) ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৩.০-ৰ শুভাৰম্ভ

পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ (DoPPW) ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৩.০-ৰ শুভাৰম্ভ

Follow us on:

পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে (DoPPW) ১ নৱেম্বৰৰপৰা ৩০ নৱেম্বৰলৈকে মাহ-জোৰা ৰাষ্ট্ৰজুৰি ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৩.০-ৰ শুভাৰম্ভ কৰিছে। এই অভিযানে একাধিক অংশীদাৰক একত্ৰিত কৰি “সমগ্ৰ চৰকাৰ” পন্থাক অনুসৰণেৰে ৮০০ খনৰো অধিক চহৰ আৰু জিলাক সামৰি লৈছে।

এই বৰ্ষত গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, নগাঁও, তিনিচুকীয়া আৰু নলবাৰীকে প্ৰমুখ্য কৰি সমগ্ৰ অসমৰ প্ৰায় ২৫ খন চহৰ আৰু নগৰত এনে শিবিৰৰ আয়োজন কৰা হৈছে। নলবাৰীত ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংকে (IPPB) মুগকুচি বিঅ’, সুৰাদি বিঅ’, বাৰাজাৰা বিঅ’, লখপুৰ বিঅ’, বৰি বিঅ’, বৰাজল বিঅ’ আদিকে প্ৰমুখ্য কৰি ২০০-ৰো অধিক শাখা ডাকঘৰত এই শিবিৰ অনুষ্ঠিত কৰে। নলবাৰী চহৰত মুখ্য ডাক ঘৰ, চক বজাৰ উপ-ডাক ঘৰ আৰু মিলনপুৰ উপ-ডাক ঘৰত এই শিবিৰ অনুষ্ঠিত হয়। বিভাগৰ অবৰ সচিব শ্ৰী দিলীপ কুমাৰ চাহুৱে আজি এই শিবিৰসমূহ পৰিদৰ্শনেৰে পেঞ্চনাৰসকলে লাইফ চাৰ্টিফিকেট দাখিলৰ ক্ষেত্ৰত ফেচ অথেন্টিকেচন প্ৰযুক্তি সন্দৰ্ভত তেওঁলোকক তত্বাৱধান কৰে। ব্যাপক প্ৰচাৰ আৰু লজিষ্টিক সহায়েৰে এই শিবিৰসমূহ সাফল্যমণ্ডিত হৈ উঠিছে, যাৰ ফলত স্থানীয় পেঞ্চনাৰসকলৰ বাবে ডিএলচি প্ৰক্ৰিয়াটো অধিক সুচল হৈ পৰিছে।

বেংক, ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংক, পেঞ্চনাৰ সংস্থা, ইউআইডিএআই, ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় (MeitY), প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় আৰু টেলিকমিউনিকেচন বিভাগৰ (DoT) সহযোগত আয়োজিত ২০২৪ৰ এই অভিযানৰ লক্ষ্য হৈছে পেঞ্চনাৰ বিশেষকৈ ছুপাৰ চিনিয়ৰ আৰু অক্ষম পেঞ্চনাৰসকলে সহজেই তেওঁলোকৰ লাইফ চাৰ্টিফিকেট দাখিল কৰিব পৰাটো নিশ্চিত কৰা। দেশজুৰি এনে শিবিৰ স্থাপন কৰা হৈছে আৰু স্মাৰ্টফোনেৰে সজ্জিত কৰ্মচাৰীসকলে শাখাসমূহত পেঞ্চনাৰসকলক সহায় কৰিব। বিশেষ ব্যৱস্থা হিচাপে শয্যাগত পেঞ্চনাৰসকলৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ “ইজ অৱ লিভিঙ”ৰ বৰ্ধনৰ বাবে ২০২১ত বিভাগে ফেচ অথেন্টিকেচনৰ জৰিয়তে ডিএলচি দাখিল ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই প্ৰযুক্তিৰ জৰিয়তে পেঞ্চনাৰসকলে এণ্ড্ৰইড স্মাৰ্টফোনৰ জৰিয়তে লাইফ চাৰ্টিফিকেট দাখিল কৰিবলৈ সক্ষম হয়, যাৰ ফলশ্ৰুতিত বাহ্যিক বাঅ’মেট্ৰিক ডিভাইচৰ প্ৰয়োজনীয়তা হ্ৰাস পায় আৰু প্ৰক্ৰিয়াটো অধিক সুলভ আৰু সুগম হৈ উঠে।

পূৰ্বৰ এনে অভিযানসমূহো অতি সফল হৈছিল। ২০২২ৰ এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰপৰা ৪২ লাখ দাখিলকে প্ৰমুখ্য কৰি ১.৪১ কোটিৰো অধিক ডিএলচি সৃষ্টি কৰিছিল। ২০২৩ত ১০০ টা স্থানত ৰূপায়িত এই অভিযানৰ সময়ত ১.৪৭ কোটিৰো অধিক ডিএলচি সৃষ্টি হৈছিল, সেইবাৰ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰপৰা ৪৫ লাখ দাখিল লাভ কৰা হৈছিল।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …