बुधवार, नवंबर 27 2024 | 05:54:56 PM
Breaking News
Home / Choose Language / Assamese / চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ উদযাপন

চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ উদযাপন

Follow us on:

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনগুৱাহাটীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আজি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমত (NLUJAA) আয়োজিত অধিৱেশন আৰু পেনেল আলোচনাত বিশিষ্ট আইনজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে।

আমাৰ ংবিধান-আমাৰ সন্মান শীৰ্ষক চিবিচি, গুৱাহাটীৰ সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্য্যসূচী (ICOP)ৰ আজি দ্বিতীয় দিনা বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা সম্পন্ন হয়। উক্ত আলোচনাৰ বিষয়সমূহ আছিলঃ আজিৰ ডিজিটেল যুগত ন্যায়ৰ সুগমতাজনসাধাৰণ সংবিধানৰ সৈতে সংযুক্তকৰণ – মাধ্যমৰ ডিকোডিংসমসাময়িক ভাৰত সাংবিধানিক নৈতিকতা।

ইয়াত মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অচিন্ত্য মল্ল বুজৰবৰুৱাই আবেদন দাখিল, হাতে লিখা খচৰা, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ দৰে বাস্তৱ-জীৱনৰ দৃষ্টান্তৰ জৰিয়তে আইনৰ ওপৰত ডিজিটেল ব্যৱস্থাৰ প্ৰভাৱ সম্পৰ্কে গভীৰভাৱে আলোচনা কৰে। তেওঁ চাটজিপেটকে প্ৰমুখ্য কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ সম্পৰ্কেও কয়। “চাটজিপেটৰ পৰৱৰ্তী প্ৰশ্নটো পক্ষপাতদুষ্ট, এআইত মানৱীয় উপাদান নোহোৱা হৈছে” বুলি তেওঁ অভিমত আগবঢ়ায়।

আজিৰ বিশ্বত স্বচ্ছতাক প্ৰোৎসাহিত কৰা ই-ক’ৰ্ট ব্যৱস্থাৰ উদ্ধৃতি দি তেওঁ ডিজিটেল ব্যৱস্থাৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও তেওঁ ডিজিটেল ব্যৱস্থাৰ ফ্লিপছাইড, জটিলতাসমূহৰ সম্পৰ্কেও ব্যক্ত কৰে। “বিশেষকৈ বিচাৰৰ ক্ষেত্ৰত আজিকালি বিদ্যমান উদ্ধৃতিলানিৰে দিনৰ শেষত কিতাপৰ কথা উল্লেখ কৰিব লাগে”, তেওঁ কয়।

মাননীয় ন্যায়াধীশগৰাকীয়ে (অৱসৰপ্ৰাপ্ত) বিগত বছৰসমূহত কেনেকৈ পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে আৰু কেনেকৈ ডিজিটেল যুগে আইন আৰু ন্যায়ৰ ক্ষেত্ৰখনৰ অগ্ৰগতি সাধন কৰিছে, সেই সম্পৰ্কে ব্যক্তকৰণেৰে নিজৰ বিশাল অভিজ্ঞতাৰে বাস্তৱ-জীৱনৰ উদাহৰণ দাঙি ধৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী ভাৰতী ভৰালীয়ে দেশৰ সাধাৰণ জনতাৰ মাজত সাংবিধানিক সচেতনতা আৰু সজাগতা বৃদ্ধিৰ উপায় আৰু সেইখিনি বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়। “জনসাধাৰণ সংবিধানৰ সৈতে সংযুক্তকৰণ – মাধ্যমৰ ডিকোডিং বিষয়ক অধিৱেশনত ভাষণ প্ৰদানেৰে তেওঁ কয়, “আমাৰ সকলোৰে জ্ঞাত যে ভাৰতীয় সংবিধানত ব্যৱহৃত টান আইনী পৰিভাষাই আমাৰ দেশৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ বাবে নথিখন বুজিবলৈ জটিল কৰি তুলিছে। কিয়নো তেওঁলোকে এতিয়াও ইংৰাজীৰ দৰে বিদেশী ভাষা বুজিবলৈ সক্ষম হোৱা নাই।”

তেওঁ সংবিধানৰ প্ৰকৃত ধাৰণা আৰু মনোভাৱ এতিয়াও বাস্তৱায়িত হোৱা নাই বুলি উল্লেখেৰে দেশৰ সাধাৰণ জনতাৰ মাজত সৰল আৰু স্থানীয় ভাষাত সংবিধানৰ টান আইনী জ্ঞান প্ৰচাৰৰ ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ বুলি কয়।

তেওঁ “জনসাধাৰণৰ মাজত আইনী আৰু সাংবিধানিক জ্ঞান প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ” বুলি উল্লেখেৰে কয় যে ন্যায়িক সন্মানৰ কঠিনতাই কেতিয়াবা সাংবাদিক আৰু সংবাদ সংস্থাসমূহৰ বাবে গুৰুত্বপূৰ্ণ আইনী বিষয়সমূহত যিকোনো প্ৰতিবেদনৰ পৰিণতি ভয়াৱহ কৰি তোলে, কিয়নো ৰিপ’ৰ্টিঙৰ ক্ষেত্ৰত কৰা কোনো ভুলে আদালত অৱমাননাৰ ৰূপত আদালতৰ ভর্ৎসনাৰ সন্মুখীন হ’বলগীয়া হয়।

এই অধিৱেশনত শ্ৰীমতী ভৰালীয়ে সময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে, সেয়া হৈছে সংবিধানখন সম্পৰ্কে অধিক সহজভাৱে সাধাৰণ জনতাৰ মাজত প্ৰচাৰ কৰিব লাগিব আৰু সংবিধানৰ জ্ঞান মুকলি কৰিব লাগিব।

ভাৰতীয় সংবিধানৰ সাংবিধানিক নৈতিকতাৰ অন্তৰ্নিহিত স্বৰূপ সন্দৰ্ভত আলোকপাতেৰে “সমসাময়িক ভাৰত সাংবিধানিক নৈতিকতা বিষয়ক আজি এক পেনেল আলোচনা অনুষ্ঠিত হয়। ইয়াত প্ৰাক্তন মহাধিবক্তা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ প্ৰাক্তন বিভাগীয় মুৰব্বী আৰু ডিন, ফেকাল্টী অৱ ল শ্ৰী ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই, মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) মীৰ আলফাজ আলী, ন্যায়িক একাডেমী-অসমৰ সঞ্চালক আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ আইনৰ অধ্যাপক ডঃ দেৱাশীষ পোদ্দাৰে ভাগ লয়।

সাংবিধানিক নৈতিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা প্ৰদৰ্শন কৰা সবৰীমালা আৰু নাজ ফাউণ্ডেচনৰ দৰে গুৰুত্বপূৰ্ণ ৰায়দান সম্পৰ্কেও ইয়াত আলোচনা কৰা হয়। আলোচনাত নৈতিকতা আৰু বৈধতাৰ মাজৰ পাৰ্থক্য সম্পৰ্কেও উল্লেখ কৰা হয়। ইয়াত গুৰুত্ব আৰোপ কৰা হয় যে নৈতিকতা সততে ৰাষ্ট্ৰ নীতিৰ মৌলিক অধিকাৰ আৰু নিৰ্দেশনামূলক নীতিত প্ৰতিফলিত হয়। “সংবিধানৰ ওচৰত শপতেৰে বান্ধ খাই থকা ন্যায়াধীশসকলে ইয়াক নৈতিক দৃষ্টিৰে ব্যাখ্যা কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্ধমান আইনী নীতি আৰু সামাজিক প্ৰমূল্যবোধৰদ্বাৰা প্ৰভাৱিত সংবিধানৰ গতিশীল প্ৰকৃতিয়ে সাংবিধানিক নৈতিকতাক প্ৰসংগভিত্তিক আৰু সময়োচিত ধাৰণা কৰি তুলিছে”, পেনেলে পৰ্য্যবেক্ষণ কৰে।

সোমবাৰ অৰ্থাৎ ২৫ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই চিবিচি, গুৱাহাটীৰ আমাৰ সংবিধানআমাৰ সন্মান অভিযানৰ ৩-দিনীয়া কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকা, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ কেভিএছ শৰ্মা, প্ৰসাৰ ভাৰতীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী আশীষ ভাটনাগৰ, প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ আৰু চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱে অংশগ্ৰহণ কৰে।

প্ৰখ্যাত কুইজমাষ্টাৰ শ্ৰী ৰাতুল বৰুৱাই প্ৰথম দিনা চিবিচি, গুৱাহাটীৰ উদ্যোগত আয়োজিত আন্তঃবিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে। ইয়াত কামৰূপ গ্ৰাম্য আৰু মেট্ৰ’ৰ ভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণৰ কৰে। ইয়াত বিজয়ী হয় – এনএলইউজেএএ-ৰ অৰণি দীপ্ত স্বামী আৰু জিএমচিএইচ-ৰ সয়ন মজুমদাৰ, ৰানাৰ্ছ আপ – গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মিনহাজ ৰহমান আৰু হিমাংশু নাথ। দ্বিতীয় ৰানাৰ্ছ আপ হৈছে এনএলইউজেএএ-ৰ ইয়ান পেৰেইৰা আৰু বিপুল ৰায়।

২৭ নৱেম্বৰ অৰ্থাৎ বুধবাৰে সামৰণি অনুষ্ঠানৰ লগতে এখনি আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আমাৰ সংবিধানআমাৰ সন্মান অভিযানৰ অংশ হিচাপে চিবিচি, গুৱাহাটীয়ে কামৰূপ (গ্ৰাম্য়)ৰ দদৰা চ’ক আৰু বনখোৰ গাঁৱত আইনী সাহায্য সজাগতা শিবিৰ অনুষ্ঠিত কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

‘এক ৰাষ্ট্ৰ এক সদস্যতা’ (ওএনওএছ)ৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পাণ্ডিত্যপূৰ্ণ গৱেষণা প্ৰবন্ধ আৰু জাৰ্নেল প্ৰকাশনৰ বাবে …