सोमवार, जनवरी 06 2025 | 07:57:35 PM
Breaking News
Home / Choose Language / Assamese / উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪

উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪

Follow us on:

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি , গুৱাহাটীত  ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰ ২০২৪লৈ অনুষ্ঠিত হ’ব  ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২০৪)ৰ দশম সংস্কৰণ। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত  আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত এই অনুষ্ঠান  আয়োজনৰ  উদ্যোগ গ্ৰহণ কৰিছে  বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই আৰ) এ।   এই অনুষ্ঠানক ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ  এক গুৰুত্বপূৰ্ণ অনুষ্ঠান  হিচাবে পৰিগণিত কৰিবলৈ  পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী  আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা কৰিছে।

“ভাৰতক  বিজ্ঞান-প্ৰযুক্তিচালিত গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা  আইআইএছএফ ২০২৪ উত্তৰ-পূবত আয়োজিত প্ৰথম সংস্কৰণ হ’ব আৰু এই অনুষ্ঠানে  বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত  এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত  হ’ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানে  অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাবে আলোকপাত কৰিব৷

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ প্ৰাকক্ষণত  ২৯ নৱেম্বৰ ২০২৪ ত  গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক সংবাদমেলত অনুষ্ঠানটোৰ বিষয়ে বাখ্যা  কৰে ডি জি-চি এছ আই আৰ আৰু আই আই এছ এফৰ ২০২৪ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ (শ্ৰীমতী) এন কালাইচেলভিয়ে৷  সংবাদমেলত  উপস্থিত থাকে  তিৰুৱনন্তপুৰমৰ চিএছআইআৰ-এনআইআইএছটিৰ সঞ্চালক তথা আইআইএছএফ ২০২৪ৰ মুখ্য ন’ডেল সমন্বয়ক ড০ চি আনন্দৰমকৃষ্ণন  ;  বিভা (VIBHA)ৰ সচিব প্ৰধান শ্ৰী বিবেকানন্দ পাই, ; চিএছআইআৰ-এনইআইএছটিৰ সঞ্চালক ড০ বীৰেন্দ্ৰ এম তিৱাৰী আৰু অসম চৰকাৰৰ অতিৰিক্ত সচিব  এচিএছ বিষয়া  শ্ৰী মনোজ কুমাৰ বৰুৱাই ৷

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)   ড° জিতেন্দ্ৰ সিঙে আদৰণি ভাষণ প্ৰদান কৰিব৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড  চাংমা ডাঙৰীয়া।

৮,০০০ তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া   ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪-এ   সমগ্ৰ দেশৰ পৰা অতিৰিক্ত ১০,০০০ দৰ্শকক আদৰণি  জনাব বুলি আশা কৰা হৈছে৷

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ আকৰ্ষণৰ বিষয়সমূহ হ’ব –

অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ  প্ৰদৰ্শন কৰা ইন্টাৰেক্টিভ প্ৰদৰ্শনী।

আগশাৰীৰ বিজ্ঞানী আৰু এই খণ্ডৰ চিন্তাশীল ব্যক্তিৰ সৈতে পেনেল আলোচনা।

যুৱ মনক অনুপ্ৰাণিত কৰিবলৈ বিজ্ঞান প্ৰতিযোগিতা।

ইয়াৰ উপৰি  থিম কাৰ্যসূচীৰ এক বৈচিত্ৰময়ী সমাৱেশত চামিল হ’ব   চন্দ্ৰযান (দ্য মিউজিয়াম অৱ মুন), চাই-টেক এক্সপ’ (বিজ্ঞান- প্ৰযুক্তি- প্ৰতিৰক্ষা- মহাকাশ প্ৰদৰ্শনী), উত্তৰ-পূবৰ বিজ্ঞান অডিচি (উত্তৰ-পূবত  কেন্দ্ৰীভূত বিজ্ঞান-প্ৰযুক্তি ), মেক ইন ইণ্ডিয়া ; মেক ফৰ দ্য ৱৰ্ল্ড (গ্ল’বেল মেনুফেকচাৰিং ছামিট), দ্য নিউ নালন্দা (ছাত্ৰৰ বাবে   বিজ্ঞান-প্ৰযুক্তি  গাঁও), প্ৰজ্ঞা ভাৰত (বিকশিত  ভাৰত ২০৪৭ৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ নতুন পৰিধিৰ সন্ধান ), নাৰী শক্তি ( বিজ্ঞান-প্ৰযুক্তিত  মহিলা নেতৃত্বাধীন উন্নয়ন), বিজ্ঞান-প্ৰযুক্তিৰ হেকাথন (বিকশিত ভাৰতৰ বাবে নতুন ধাৰণাৰ সন্ধান), যুৱ বিজ্ঞানী কনক্লেভ (যুৱকসকলক সবলীকৰণ কৰাৰ লক্ষ্যৰে), মিছন ষ্টাৰ্টআপ (উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ লক্ষ্যৰে) আৰু নৰ্থ-ইষ্ট চিম্ফনী (উত্তৰ-পূব সাংস্কৃতিক উৎসৱ) আদি৷ । এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে “মেক ইন ইণ্ডিয়া” আৰু “আত্মনিৰ্ভৰ ভাৰত”ৰ দৰে চৰকাৰে গ্ৰহণ কৰা   পদক্ষেপসমূহৰ  সৈতে সংগতি ৰাখি ভাৰতক বিজ্ঞান-প্ৰযুক্তিচালিত   উৎপাদনৰক্ষেত্ৰত   বিশ্বৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা৷

আই আই এছ এফ ২০২৪ৰ বিষয়ে উল্লেখ কৰাৰ  সময়ত আই আই এছ এফ ২০২৪ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ডি জি-চি এছ আই আৰ ড০ (শ্ৰীমতী) এন কালাইচেলভিয়ে কয় , “ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আই আই এছ এফ) ২০২৪ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে৷  কাৰণ আমি ইয়াৰ দশম সংস্কৰণক উত্তৰ-পূবলৈ লৈ আহিছো ৷ এই অনুষ্ঠানে প্ৰথমবাৰৰ বাবে এই অঞ্চলৰ সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ চহকী ঐতিহ্য প্ৰদৰ্শন কৰাৰ লগতে  ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ অত্যাধুনিক উন্নতিৰ সৈতে সংপৃক্ত কৰিব। গুৱাহাটীত আই আই এছ এফৰ আয়োজন কৰাৰ কথাই  দেশৰ বিভিন্ন অঞ্চলসমূহক ৰাষ্ট্ৰীয় বিজ্ঞান পৰিৱেশতন্ত্ৰত একত্ৰিত কৰি ঐক্য আৰু উদ্ভাৱনৰ ভাৱনা গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। এই উৎসৱ কেৱল বিজ্ঞানৰ উদযাপন নহয়; ই জাতীয় গুৰুত্বপূৰ্ণ আন্দোলনৰ এক অংশ । এন্টাৰ্কটিকাৰ বিজ্ঞানীসকলৰ সৈতে  পাৰস্পৰিক  সংযোগ স্থাপনেৰে  ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ পৰা আৰম্ভ কৰি  বিজ্ঞান ক্ষেত্ৰৰ নেতৃত্বৰ সন্মিলন আৰু ঔদ্যোগিক সন্মিলন  আদিও আয়োজন কৰা হ’ব৷ ” তেওঁ লগতে কয় যে আইআইএছএফ ২০২৪-এ ২০৪৭ চনৰ ভিতৰত ভাৰতক বিজ্ঞান-প্ৰযুক্তি চালিত বিশ্বব্যাপী উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ যি দৃষ্টিভংগী সেয়া সুন্দৰ ৰূপত প্ৰতিফলিত কৰিব৷  ইয়াৰ বাবে   উত্তৰ-পূবক মূল চালিকা শক্তি  হিচাপে বাছি লোৱা হৈছে বুলিও তেওঁ কয়৷

ড°  (শ্ৰীমতী) কালাইচেলভিয়ে লগতে  কয়, “১০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, শ শ গৱেষক আৰু আগশাৰীৰ  বিজ্ঞান  প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে এই উৎসৱে মানুহৰ মনত কৌতূহল আৰু সহযোগিতাৰ মনোভাৱ জগাই তুলিব৷  যি কথাই পৰৱৰ্তী প্ৰজন্মই বিজ্ঞানক সমৃদ্ধিৰ   আহিলা হিচাপে আঁকোৱালি লোৱাটো নিশ্চিত কৰিব৷   আমি একেলগে আই আই এছ এফৰ জৰিয়তে ‘সমাজৰ বাবে বিজ্ঞান ’ৰ বাৰ্তাক  বিশ্বৰ প্ৰতিটো কোণলৈ প্ৰসাৰিত কৰাৰ  লক্ষ্য স্থিৰ কৰিছো।”

আৰম্ভণিৰে পৰাই আই আই এছ এফ সমাজৰ সকলো শ্ৰেণীৰ  লোকৰ মাজত বৈজ্ঞানিক বাৰ্তা, উদ্ভাৱন  আৰু গৱেষণাৰ বিষয় আদি  প্ৰসাৰৰ এক মঞ্চ হিচাপে কাম কৰি আহিছে। আই আই এছ এফ-এ বিজ্ঞানী, উদ্ভাৱক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক একত্ৰিত কৰি  সাধাৰণ মানুহৰ মনত বিজ্ঞানৰ বিষয়ে থকা কৌতুহলৰ সমাধান সূত্ৰ দিছে৷ , ই  বিজ্ঞানসম্পৰ্কীয় অৰ্থপূৰ্ণ আলোচনাক উৎসাহিত কৰিছে আৰু বিজ্ঞানৰ আশ্চৰ্য্যসমূহক উদযাপন কৰি আহিছে।

আই আই এছ এফ ২০২৪ ৰ বিষয়ে

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰ ২০২৪লৈ আই আই টি ,গুৱাহাটী চৌহদত অনুষ্ঠিত হ’ব বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় তথা  পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ  উদ্যোগত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দশম সংস্কৰণ। আই আই এছ এফৰ মূল উদ্দেশ্য হৈছে সকলোকে একেলগে  বিজ্ঞানক উদযাপন কৰাৰ সুযোগ প্ৰদান কৰা ইয়াৰ সৃষ্টিশীল কাৰ্যসূচী আৰু কাৰ্য্যকলাপৰ জৰিয়তে আই আই এছ এফে দেশ তথা  বিদেশৰ  বৈজ্ঞানিক ভ্ৰাতৃত্ববোধক একত্ৰিত কৰি সকলোৱে  একেলগে কাম কৰাৰ সুযোগ প্ৰদান কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

অষ্টলক্ষ্মী মহোৎসৱ সম্পৰ্কীয় সংবাদমেলত অংশগ্ৰহণ কৰিলে উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই

উত্তৰ-পূব অঞ্চলৰ যোগাযোগ আৰু উন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত আজি অষ্টলক্ষ্মী মহোৎসৱৰ বাবে …