सोमवार, नवंबर 18 2024 | 03:21:21 PM
Breaking News
Home / Choose Language / Assamese / অসমৰ অৰ্ধপৰিবাহী উদ্যোগ:ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰৰ বাবে এক পট পৰিৱৰ্তনকাৰী পদক্ষেপ

অসমৰ অৰ্ধপৰিবাহী উদ্যোগ:ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰৰ বাবে এক পট পৰিৱৰ্তনকাৰী পদক্ষেপ

Follow us on:

অৰ্ধপৰিবাহী উদ্যোগত ভাৰতৰ অভিলাষী অগ্ৰগতিৰ সৰ্বোত্তম উদাহৰণ হিচাবে  টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (টি এছ এ টি)ৰ নেতৃত্বত অসমৰ মৰিগাঁৱত এটা অৰ্ধপৰিবাহী ইউনিট গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ অৰ্ধপৰিবাহী উৎপাদনৰ  অন্যতম   উৎপাদন স্থান  হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পটো দেশে অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ স্থাপনৰ ক্ষেত্ৰত যি স্বাৱলম্বীতাৰ বিস্তৃত লক্ষ্য স্থিৰ কৰিছে তাকেই পুনৰবাৰ প্ৰতিফলিত কৰিছে। ২৭ হাজাৰ কোটি টকাৰ  বিনিয়োগেৰে  মৰিগাঁৱত স্থাপন কৰিবলৈ ওলোৱা  এই  প্ৰকল্পই ফ্লিপ চিপ আৰু ইন্টিগ্ৰেটেড চিষ্টেম ইন পেকেজ (আই এছ আই পি)ৰ দৰে উন্নত পেকেজিং প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিদিনে ৪৮ নিযুত পৰ্যন্ত অৰ্ধপৰিবাহী চিপ উৎপাদন  কৰাৰ সম্ভাৱনা আছে। অটোমোটিভ, বৈদ্যুতিক বাহন, দূৰসংযোগ, আৰু উপভোক্তাৰ   বাবে প্ৰয়োজনীয়  ইলেক্ট্ৰনিকছৰ দৰে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহক এই  প্ৰকল্পই উপকৃত কৰিব।  এই  প্ৰকল্পটো ২০২৫ চনৰ মাজভাগত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। মৰিগাঁৱৰ এই অৰ্ধপৰিবাহী   প্ৰকল্পটোৱে প্ৰযুক্তিৰ বিকাশৰ লগতে  ১৫,০০০ প্ৰত্যক্ষ আৰু ১১,০০০-১৩,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰি উল্লেখযোগ্য আৰ্থ-সামাজিক পৰিৱৰ্তন  কঢ়িয়াই আনিব পাৰিব। প্ৰকল্পটোৱে অসম আৰু নিকটৱৰ্তী অঞ্চলৰ আঞ্চলিক তথা অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। উচ্চ ক্ষমতাসম্পন্ন উৎপাদনস্থলীত  হিচাপে এই প্ৰকল্পই কৰা দৈনিক উৎপাদনে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয়  বজাৰত অৰ্ধপৰিবাহীৰ চাহিদা পূৰণত  সেৱা আগবঢ়াব।  ফলত ভাৰত বিশ্বৰ অৰ্ধপৰিবাহী যোগান শৃংখলত প্ৰতিযোগিতামূলক শক্তি হিচাপে পৰিগণিত হোৱাত সহায়ক  হ’ব।

ভাৰত অৰ্ধপৰিবাহী অভিযান: আত্মনিৰ্ভৰশীল অৰ্ধপৰিবাহী উদ্যোগৰ ক্ষেত্ৰ খন  ২০২৩ চনত  প্ৰায় ৩৮ বিলিয়ন ডলাৰৰ  থকাৰ বিপৰীতে   ২০৩০ চনৰ ভিতৰত সেয়া ১০৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি  পাব বুলি অনুমান কৰা হৈছে।  এই দ্ৰুত সম্প্ৰসাৰণক  গতি প্ৰদান  কৰিবলৈ আৰু আমদানিৰ ওপৰত পৰনিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে ঘৰুৱা অৰ্ধপৰিবাহী উৎপাদনক  অধিক প্ৰসাৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সেইমতে চৰকাৰে  কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে। ইণ্ডিয়া অৰ্ধপৰিবাহী অভিযানৰ লক্ষ্য হৈছে বহনক্ষম অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা।  যিয়ে ভাৰতক ইলেক্ট্ৰনিকছৰ উৎপাদন আৰু ডিজাইনৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাবে বিশ্বত স্থান দিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় অৰ্ধপৰিবাহী বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত আই এছ এম-এ সম্পদ আৰু সমৰ্থনৰ দক্ষ নিয়োগ নিশ্চিত কৰিবলৈ চৰকাৰী মন্ত্ৰালয়, উদ্যোগ, আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাসমূহৰ সমন্বয় সাধন কৰি  ঔদ্যোগিক সহায়  আৰু কৌশলগত অংশীদাৰিত্বৰ  বিষয়ত অধিক জোৰ দিছে। এই পদক্ষেপে অৰ্ধপৰিবাহী উদ্যোগৰ বিভিন্ন খণ্ডক সমৰ্থন কৰিব, কেৱল নিৰ্মাণৰ সুবিধা (ফেব)ৰ বাহিৰেও পেকেজিং, প্ৰদৰ্শন,  আউটচ’ৰ্চড অৰ্ধপৰিবাহীৰ সংলগ্নকৰণ আৰু পৰীক্ষণ (OSATs), চেন্সৰ  আৰু অন্যান্য জটিল উপাদানসমূহ অন্তৰ্ভুক্ত কৰি এক ব্যাপক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব পৰা যাব। এই কাৰ্যসূচীৰ অধীনত ভাৰতত অৰ্ধপৰিবাহী ফেব স্থাপনৰ বাবে পৰিৱৰ্তিত বিশেষ   আঁচনি, ভাৰতত ডিছপ্লে ফেব স্থাপনৰ বাবে পৰিৱৰ্তিত আঁচনি, যৌগ অৰ্ধপৰিবাহী/ ছিলিকন ফটোনিক্স/ চেন্সৰ ফেব/ বিচ্ছিন্ন অৰ্ধপৰিবাহী ফেব স্থাপনৰ বাবে পৰিৱৰ্তিত আঁচনি প্ৰৱৰ্তন কৰা হৈছে । ভাৰতত অৰ্ধপৰিবাহী এ টি এম পি/ অ’ এছ এ টিৰ সুবিধা আৰু ডিজাইন লিংকড ইনচেন্টিভ (ডি এল আই) আঁচনি আদিও প্ৰৱৰ্তন কৰা হৈছে। মৰিগাঁৱৰ অৰ্ধপৰিবাহী প্ৰকল্পই  ভাৰতৰ অৰ্ধপৰিবাহী উৎপাদন ক্ষমতাক শক্তিশালী কৰি তুলিব। এয়া চৰকাৰৰ  লক্ষ্য পূৰণৰেই   এক  বিস্তৃত শৃংখলাৰ  অংশ। কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ ঢোলেৰাত টাটা ইলেক্ট্ৰনিকছ আৰু গুজৰাটৰ চানন্দত চি জি পাৱাৰৰ নতুন প্ৰকল্পকে ধৰি সমগ্ৰ দেশতে একাধিক অৰ্ধপৰিবাহী গোট স্থাপনত অনুমোদন জনাইছে। ইয়াৰ উপৰি কায়েনেছ চেমিকন প্ৰাইভেট লিমিটেডে চানন্দত এটা গোট স্থাপন কৰিবলৈ অনুমোদন লাভ কৰিছে। অৰ্ধপৰিবাহী উদ্যোগৰ এনে  সম্প্ৰসাৰণে অৰ্ধপৰিবাহী আমদানিৰ ওপৰত ভাৰতৰ পৰনিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে বিশ্বৰ অৰ্ধপৰিবাহী  শৃংখলাত নিজৰ স্থান সুদৃঢ় কৰি তুলিব। মোহালীৰ অৰ্ধপৰিবাহী পৰীক্ষাগাৰৰ আধুনিকীকৰণৰ লগতে বৈদ্যুতিক উপাদান আৰু অৰ্ধপৰিবাহী উৎপাদনৰ প্ৰসাৰ আঁচনি (SPECS) তথা  বৃহৎ পৰিসৰৰ ইলেকট্ৰনিকছৰ বাবে উৎপাদন সংযুক্ত উদগনি  (পিএলআই) আঁচনি ৰূপায়ণতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। এই প্ৰচেষ্টাসমূহে অৰ্ধপৰিবাহী উৎপাদনৰ প্ৰতিটো অংশৰ বাবে চৰকাৰী  সমৰ্থন নিশ্চিত কৰিছে। লগতে চৰকাৰৰ এনে পদক্ষেপে চিপ ডিজাইন, নিৰ্মাণ, পৰীক্ষণ আৰু সংলগ্নকৰণক সামৰি লোৱা  পৰিৱেশতন্ত্ৰৰ  শক্তিশালী কৰি তুলিব। অসমৰ মৰিগাঁৱত অৰ্ধপৰিবাহী ইউনিট প্ৰতিষ্ঠা ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগৰ  উচ্চাকাংক্ষা পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে চিহ্নিত হৈছে। এই প্ৰকল্পৰ লগতে ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অনুমোদিত অন্যান্য প্ৰকল্পই ভাৰতৰ প্ৰযুক্তি সম্পৰ্কীয়  ভেটি শক্তিশালী কৰিব আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা তথা  আত্মনিৰ্ভৰশীলতাৰ ভাবনাক সফল কৰি  তুলিব।   বিশ্বজুৰি অৰ্ধপৰিবাহীৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতত সম্প্ৰসাৰিত হোৱা অৰ্ধপৰিবাহী আন্তঃগাঁথনিয়ে উদ্ভাৱনক  আৰু অধিক আগুৱাই নিব, নতুন নতুন  চাকৰিৰ সৃষ্টি কৰিব আৰু বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ এক উল্লেখযোগ্য খেলুৱৈ হিচাপে ভাৰতক প্ৰতিষ্ঠিত কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি …