सोमवार, दिसंबर 23 2024 | 03:36:02 AM
Breaking News
Home / Choose Language / Assamese / পেঞ্চনাৰৰ লাইফ চাৰ্টিফিকেট দাখিলৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ ৰাষ্ট্ৰজোৰা অভিযানৰ শুভাৰম্ভ

পেঞ্চনাৰৰ লাইফ চাৰ্টিফিকেট দাখিলৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ ৰাষ্ট্ৰজোৰা অভিযানৰ শুভাৰম্ভ

Follow us on:

পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে (DoPPW) ফেচ অথেন্টিকেচন প্ৰযুক্তিৰ ব্যৱহাৰেৰে পেঞ্চনাৰসকলৰ বাবে লাইফ চাৰ্টিফিকেট দাখিলৰ প্ৰক্ৰিয়াটোক সুশৃংখলিতকৰণৰ অৰ্থে সমগ্ৰ নৱেম্বৰ, ২০২৪-ত ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৩.০ অব্যাহত ৰাখিছে। এই আধাৰ-ভিত্তিক পদ্ধতিৰ জৰিয়তে পেঞ্চনাৰসকলে এণ্ড্ৰইড স্মাৰ্ট ফোনযোগে সুচলভাৱে এনে প্ৰমাণপত্ৰ জমা দিব পাৰে।

পূৰ্বে পেঞ্চনাৰসকলে পেঞ্চন প্ৰদান কৰ্তৃপক্ষলৈ গৈ লাইফ চাৰ্টিফিকেট জমা দিবলগীয়া হৈছিল, যাৰ বাবে বৃদ্ধ লোকসকলৰ অসুবিধা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভাগে (DoPPW) ২০১৪-ত ডিজিটেল লাইফ চাৰ্টিফিকেট (জীৱন প্ৰমাণ) ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, তাৰ পিছত ২০২১ত ফেচ অথেন্টিকেচন প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছিল। এনে ব্যৱস্থা গ্ৰহণৰ ফলত বাঅ’মেট্ৰিক ডিভাইচৰ প্ৰয়োজনীয়তা নোহোৱা হয় আৰু সুলভতাৰ বৰ্ধন ঘটে।

২০২৪-ৰ এই অভিযানে পূৰ্বৰ প্ৰচেষ্টাৰাজিক সম্প্ৰসাৰিত কৰিব। পূৰ্বে ২০২২-ত ১.৪১ কোটি ডিএলচি সৃষ্টিৰে ৩৭ স্থান আৰু ২০২৩-ত ১.৪৭ কোটিৰো অধিক ডিএলচি সৃষ্টিৰে ১০০ টা স্থানক সামৰি লোৱা হৈছিল। এই বৰ্ষত অভিযান ৩.০-য়ে দেশজুৰি ৮০০ টা স্থানক সামৰি ল’ব। এই অভিযানত সহায় আগবঢ়োৱা মূল অংশীদাৰসমূহ হৈছে বেংক, ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংক, পেঞ্চনাৰ এছ’চিয়েচন, ইউআইডিএআই, ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় (MeitY), প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰেল মন্ত্ৰালয় আৰু দূৰসংযোগ বিভাগ (DoT)। এনে সমৰ্পিত শিবিৰসমূহে পেঞ্চনাৰসকলক ডিজিটেলভাৱে দাখিলৰ ক্ষেত্ৰত সহায় কৰিব আৰু ছুপাৰ চিনিয়ৰ বা বিশেষভাৱে সক্ষম পেঞ্চনাৰসকলৰ বাবে ঘৰলৈ যোৱাকে প্ৰমুখ্য কৰি বিশেষ ব্যৱস্থা কৰা হৈছে। ছ’চিয়েল মিডিয়াই সজাগতা বৃদ্ধিত সহায় কৰিব তথা ডিএলচি পৰ্টেলৰ জৰিয়তে বিভাগে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিব।

অসমৰ গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, নগাঁও, তিনিচুকীয়া আৰু নলবাৰীকে প্ৰমুখ্য কৰি প্ৰায় ২৫ খন চহৰ-নগৰত এই ডিএলচি শিবিৰ অনুষ্ঠিত হ’ব। গুৱাহাটীত ভাৰতীয় ষ্টেট বেংকে (SBI) মালিগাঁও, দিশপুৰ, নিউ গুৱাহাটী, গুৱাহাটী মেইন, জিএমচি আদি শাখাত এই শিবিৰ অনুষ্ঠিত কৰিব। ২০২৪-ৰ ১১ নৱেম্বৰত এই শিবিৰসমূহ পৰিদৰ্শনেৰে পেঞ্চনাৰসকলৰ সৈতে ফেচ অথেন্টিকেচন প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত মত-বিনিময় কৰিব বিভাগৰ অবৰ সচিব শ্ৰী দিলীপ কুমাৰ চাহুৱে। নলবাৰীত ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংকে (IPPB) মুগকুচি বিঅ’, সুৰাদি বিঅ’, বাৰাজাৰা বিঅ’ আদিকে প্ৰমুখ্য কৰি ২০০-ৰো অধিক শাখা ডাকঘৰত এই শিবিৰ অনুষ্ঠিত কৰিব। শ্ৰী চাহুৱে ২০২৪-ৰ ১২ নৱেম্বৰত এইসমূহ ভ্ৰমণ কৰিব। ইউআইডিএআই-য়ে পেঞ্চনাৰসকলৰ আধাৰ ৰেকৰ্ড আপডেটকৰণত সহায় আৰু ডিএলচি সৃষ্টিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা কাৰিকৰী সমস্যা সমাধানেৰে এই প্ৰচেষ্টালৈ বৰঙণি আগবঢ়াব।

উক্ত অভিযান ৩.০-ৰ লক্ষ্য হৈছে দূৰৱৰ্তী অঞ্চল বা সীমিত সা-সুবিধাৰ মাজত বসবাস কৰাকে প্ৰমুখ্য কৰি সকলো পেঞ্চনাৰে এই সুলভ আৰু সুশৃংখলিত প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …