शनिवार, नवंबर 16 2024 | 09:58:22 AM
Breaking News
Home / Choose Language / Assamese / কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে কাইলৈৰপৰা ৩-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব

Follow us on:

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণেৰে কেন্দ্ৰীয় কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (KAAC) আৰু জিলা বিষয়া-বৰ্গৰ সৈতে আলোচনাৰে ৰাষ্ট্ৰীয় অইল পাম অভিযানকে প্ৰমুখ্য কৰি ধ্বজাবাহী আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব।

এই ভ্ৰমণসূচীৰ অংশস্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অন্তৰ্গত আকাংক্ষী অঞ্চল চমেলাংছ’ খণ্ডৰ বাসিন্দাসকলৰ সৈতে মত-বিনিময়ৰ লগতে ডিফু আৰু হাওৰাঘাটৰ স্বাস্থ্যসেৱা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰিব। তেওঁ ডিফুৰ ছাৰসিং টেৰন স্মাৰকত ড্ৰাগছ মুক্ত ভাৰত অভিযানৰ অধীনত কাম কৰা বেচৰকাৰী সংগঠনসমূহৰ (NGO) সৈতে মিলিত হোৱাৰ লগতে দিব্যাংগ শিশুসকলৰ সৈতেও মত-বিনিময় কৰিব।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত আয়োজিত স্প্ৰিংশ্বেড ব্যৱস্থাপনাৰ কৰ্মশালাৰ সফল সামৰণি

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উদ্যোগত অসমৰ গুৱাহাটীত আয়োজিত স্প্ৰিংশ্বেড ব্যৱস্থাপনা, ২০২৪ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। দুদিনীয়া …