शनिवार, नवंबर 30 2024 | 12:57:50 PM
Breaking News
Home / Choose Language / Assamese / আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

Follow us on:

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা । ৯০ বছৰ পূৰ্তি উপলক্ষ্যে  উপলক্ষে্য   ভাৰতীয় ৰিজাৰ্ভ বেংকে  অনুষ্ঠিত কৰি অহা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাবে   সমগ্ৰ ভাৰতবৰ্ষৰ   স্নাতক পৰ্যায়ৰ তলৰ  ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশজোৰা সাধাৰণ জ্ঞানভিত্তিক কুইজ প্ৰতিযোগিতা আৰ বি আই ৯০ কুইজ আৰম্ভ কৰিছে।

আৰ বি আই ৯০ কুইজ হৈছে  এক দলীয় ভিত্তিত আয়োজন কৰা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতা একাধিক পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে । প্ৰতিযোগিতাৰ  অনলাইন পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাউণ্ড ক্ৰমে ২০২৪ চনৰ ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল। আজি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে অনুষ্ঠিত কৰা  হয় আৰ বি আই ৯০ কুইজৰ   খণ্ড পৰ্যায়ৰ ৰাউণ্ড।

মণ্ডল ৰাউণ্ডত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, আৰু ত্ৰিপুৰাৰ ৰাজ্যিক পৰ্যায়ৰ বিজয়ী দলসমূহে অংশগ্ৰহণ কৰে । ত্ৰিপুৰাৰ নেতাজী সুভাষ মহাবিদ্যালয়ৰ পৰা অহা  শুভজিৎ চক্ৰৱৰ্তী আৰু শ্ৰেয়া মোদকে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে অসমৰ এন আই টি শিলচৰৰ পৰা  অহা কিষাণ মিট্টল আৰু আয়ুষ মৌৰ্যই। একেদৰে মেঘালয়ৰ এন আই টিৰ পৰা অহা অৰুষ ৰমন আৰু নাজিয়া শ্বেখে তৃতীয় পুৰস্কাৰ লাভ কৰে।

শীৰ্ষ তিনিটা দলক নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত  বিজয়ী দলে ৫ লাখ টকা, প্ৰথম ৰানাৰ্ছ আপে ৪ লাখ  টকা আৰু দ্বিতীয় ৰানাৰ্ছ আপ দলে ৩ লাখ টকা লাভ কৰে। ২০২৪ চনৰ ০৬ ডিচেম্বৰত মুম্বাইত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া  প্ৰতিযোগিতাত আজি  বিজয়ী হোৱা দলটোৱে অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

আজি এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  আৰ বি আইৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ  কাৰ্যবাহী সঞ্চালক শ্ৰী অৰ্ণব কুমাৰ চৌধুৰীয়ে সভাপতিত্ব কৰে আৰু অংশগ্ৰহণকাৰীসকলক সম্বৰ্ধনা জনায়। শ্ৰী চৌধুৰীয়ে  আৰ বি আই ৯০কুইজৰ লক্ষ্যৰ বিষয়ে বাখ্যা কৰি কয় যে এই প্ৰতিযোগিতা   হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় ব্যৱস্থা গঢ় দিয়াত আৰ বি আইৰ জটিল ভূমিকা বুজি উঠাৰ ক্ষেত্ৰত উৎসাহিত কৰা। তেওঁ বিত্তীয় সাক্ষৰতাৰ গুৰুত্বৰ  বিষয়ে আলোকপাত কৰি  কয় যে আৰ্থিকভাৱে সচেতন যুৱ সমাজেহে  আনৰ মাজত বিত্তীয় সজাগতা প্ৰচাৰৰ ক্ষেত্ৰত এক শক্তিশালী  ভূমিকা গ্ৰহণ কৰিব পাৰে।   এফআইডিডিৰ ভাৰপ্ৰাপ্ত চিজিএম,তথা  চিঅ’ শ্ৰীমতী ড. নিশা নাম্বিয়াৰ আৰু আৰু আৰ বি আই,গুৱাহাটীৰ    আৰ ডি শ্ৰীমতী ড. সুস্মিতা ফুকনে   আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শোভাবৰ্দ্ধন কৰে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

অষ্টলক্ষ্মী মহোৎসৱ সম্পৰ্কীয় সংবাদমেলত অংশগ্ৰহণ কৰিলে উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই

উত্তৰ-পূব অঞ্চলৰ যোগাযোগ আৰু উন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত আজি অষ্টলক্ষ্মী মহোৎসৱৰ বাবে …