रविवार, दिसंबर 22 2024 | 05:31:18 PM
Breaking News
Home / Choose Language / Assamese / ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দেশজোৰা RBI90Quiz-ৰ জৰিয়তে ৯০ বছৰীয়া বাৰ্ষিকী উদযাপন

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দেশজোৰা RBI90Quiz-ৰ জৰিয়তে ৯০ বছৰীয়া বাৰ্ষিকী উদযাপন

Follow us on:

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এই বৰ্ষত ইয়াৰ ৯০ বছৰীয়া বাৰ্ষিকী উদযাপন কৰিছে আৰু বেংকটোৱে স্থাপন কৰা এই মাইলৰ খুঁটিৰ অংশ হিচাপে সমগ্ৰ ভাৰতৰ স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িতকৰণৰ লক্ষ্যেৰে RBI90Quiz শীৰ্ষক এখনি দেশজোৰা কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে।

অসমত আজি অনুষ্ঠিত ৰাজ্যিক-পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতাত ৯০ খন মহাবিদ্যালয়ক প্ৰতিনিধিত্বকৰণেৰে ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ইয়াত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সয়ন মজুমদাৰ আৰু বিশ্বায়ন ভট্টাচাৰ্য্যই প্ৰথম পুৰস্কাৰ লাভৰ সমান্তৰালকৈ দ্বিতীয় পুৰস্কাৰ লাভ কৰে এনআইটি-শিলচৰৰ কৃষান মিট্টাল আৰু আয়ুষ মৌৰ্য্যই। একেদৰে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৰিজিত বশিষ্ঠ আৰু দিশা বৈশ্যই তৃতীয় পুৰস্কাৰ লাভ কৰে।

উক্ত শীৰ্ষ তিনিটা দলক নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয়। বিজয়ী দলে ২ লাখ, প্ৰথম ৰানাৰ্ছ-আপে ১.৫ লাখ আৰু দ্বিতীয়টো ৰানাৰ্ছ-আপে ১ লাখ টকা লাভ কৰে। বিজয়ী দলটোৱে এতিয়া ২০২৪ৰ ২৯ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিতব্য মাণ্ডলিক ৰাউণ্ডত অংশগ্ৰহণ কৰিব। ২০২৪ৰ ডিচেম্বৰত মুম্বাইত ৰাষ্ট্ৰীয় ফাইনেল অনুষ্ঠিত হ’ব।

সমগ্ৰ দেশতে একাধিক পৰ্য্যায়ত অনুষ্ঠিত দলীয় সাধাৰণ জ্ঞান প্ৰতিযোগিতা হিচাপে RBI90Quiz অনুষ্ঠিত কৰা হৈছে। ২০২৪ৰ ১৯-২১ ছেপ্টেম্বৰত অনুষ্ঠিত অনলাইন প্ৰাৰম্ভিক ৰাউণ্ডৰ পিছত ৰাজ্যিক-পৰ্য্যায়ৰ ৰাউণ্ডত অংশগ্ৰহণৰ বাবে শ্ৰেষ্ঠ-প্ৰদৰ্শনকাৰী কলেজৰ দলসমূহক নিৰ্বাচিত কৰা হৈছে।

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …