কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈৰপৰা তিনি-দিনীয়া কাৰ্য্যসূচীৰে অসমৰ কাৰ্বি আংলং ভ্ৰমণেৰে কেন্দ্ৰীয় কল্যাণমূলক কাৰ্য্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্য্যালোচনা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (KAAC) আৰু জিলা বিষয়া-বৰ্গৰ সৈতে আলোচনাৰে ৰাষ্ট্ৰীয় অইল পাম অভিযানকে প্ৰমুখ্য কৰি ধ্বজাবাহী আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব।
এই ভ্ৰমণসূচীৰ অংশস্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অন্তৰ্গত আকাংক্ষী অঞ্চল চমেলাংছ’ খণ্ডৰ বাসিন্দাসকলৰ সৈতে মত-বিনিময়ৰ লগতে ডিফু আৰু হাওৰাঘাটৰ স্বাস্থ্যসেৱা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰিব। তেওঁ ডিফুৰ ছাৰসিং টেৰন স্মাৰকত ড্ৰাগছ মুক্ত ভাৰত অভিযানৰ অধীনত কাম কৰা বেচৰকাৰী সংগঠনসমূহৰ (NGO) সৈতে মিলিত হোৱাৰ লগতে দিব্যাংগ শিশুসকলৰ সৈতেও মত-বিনিময় কৰিব।