बुधवार, जनवरी 08 2025 | 02:30:38 AM
Breaking News
Home / Choose Language / Assamese / কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্ম নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ আইনসমূহ শক্তিশালী কৰাৰ লগতে সমাজৰ একমত গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্ম নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ আইনসমূহ শক্তিশালী কৰাৰ লগতে সমাজৰ একমত গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে

Follow us on:

আজি লোকসভাৰ চলিত অধিৱেশনৰ সময়ত সংসদীয় প্ৰশ্নৰ উত্তৰ দিওঁতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’লৱে, আৰু ইলেক্ট্ৰনিকছ আৰু আইটি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্ম নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ আইনসমূহ শক্তিশালী কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

সম্পাদকীয় পৰ্যবেক্ষণৰ পৰা অনিয়ন্ত্ৰিত অভিব্যক্তিলৈকে

এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “আমি ছ’চিয়েল মিডিয়া আৰু অ’টিটি প্লেটফৰ্মৰ যুগত জীয়াই আছো। অৱশ্যে, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ পৰম্পৰাগত প্ৰকাৰ যি এসময়ত সমলৰ দায়বদ্ধতা আৰু শুদ্ধতা নিশ্চিত কৰিবলৈ সম্পাদকীয় অনুসন্ধানৰ ওপৰত নিৰ্ভৰ কৰিছিল, সময়ৰ লগে লগে এই পৰ্যবেক্ষণবোৰ হ্ৰাস হোৱা দেখা গৈছে।” তেওঁ উল্লেখ কৰে যে এনে সম্পাদকীয় পৰ্যবেক্ষণৰ অনুপস্থিতিৰ বাবে ছ’চিয়েল মিডিয়া এফালে সংবাদ মাধ্যমৰ স্বাধীনতাৰ এক মঞ্চ হৈ পৰিছে, কিন্তু আনহাতে, ই অনিয়ন্ত্ৰিত অভিব্যক্তিৰ বাবেও এক স্থান হৈ পৰিছে, য’ত প্ৰায়ে অশ্লীল সমল অন্তৰ্ভুক্ত থাকে।

কঠোৰ আইনৰ ওপৰত সহমত

ভাৰত আৰু এই মঞ্চসমূহৰ উৎপত্তি হোৱা ভৌগোলিক অঞ্চলসমূহৰ মাজত সুকীয়া সাংস্কৃতিক পাৰ্থক্যৰ কথা স্বীকাৰ কৰি শ্ৰী বৈষ্ণৱে গুৰুত্ব আৰোপ কৰি কয়, “ভাৰতৰ সাংস্কৃতিক সংবেদনশীলতা সেই অঞ্চলবোৰতকৈ যথেষ্ট পৃথক য’ত এই মঞ্চসমূহ সৃষ্টি কৰা হৈছিল। এইটোৱে ভাৰতৰ বাবে বিদ্যমান আইনসমূহ অধিক কঠোৰ কৰাটো অত্যাৱশ্যকীয় কৰি তুলিছে আৰু তেওঁ সকলোকে এই বিষয়ত সহমত গঠন কৰিবলৈ আহ্বান জনাইছে।

মন্ত্ৰীগৰাকীয়ে সংসদীয় স্থায়ী সমিতিক এই গুৰুত্বপূৰ্ণ বিষয়টোক অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিবলৈও আহ্বান জনায়। তেওঁ কয়, “এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কঠোৰ আইনৰ লগতে ইয়াৰ ওপৰত সামাজিক সহমত থাকিব লাগে।”

मित्रों,
मातृभूमि समाचार का उद्देश्य मीडिया जगत का ऐसा उपकरण बनाना है, जिसके माध्यम से हम व्यवसायिक मीडिया जगत और पत्रकारिता के सिद्धांतों में समन्वय स्थापित कर सकें। इस उद्देश्य की पूर्ति के लिए हमें आपका सहयोग चाहिए है। कृपया इस हेतु हमें दान देकर सहयोग प्रदान करने की कृपा करें। हमें दान करने के लिए निम्न लिंक पर क्लिक करें -- Click Here


* 1 माह के लिए Rs 1000.00 / 1 वर्ष के लिए Rs 10,000.00

Contact us

Check Also

আৰ বি আই ৯০ কুইজৰ জৰিয়তে দেশজুৰি ৯০ বছৰীয়া জয়ন্তী উদযাপন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে

ভাৰতীয় ৰিজাৰ্ভ বেংকে গৌৰৱোজ্জ্বল  ৯০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যে দেশজুৰি অনুষ্ঠিত কৰিছে এক কুইজ প্ৰতিযোগিতা …