নৱেম্বৰঃ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে তিনিদিনীয়াকৈ কাৰ্বিআংলং ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা ৰূবপায়ণ হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। শনিবাৰে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত জিলাখনৰ উন্নয়নত উদগনি আৰু মূল বিষয়সমূহৰ সমাধানৰ লক্ষ্যৰে এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।
মাটিপুঙৰ আৰ্বৰেটামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথমখন বৈঠকত ড০ কুমাৰে কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) ড০ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য, পৰিষদৰ সদস্য, সাংসদ অমৰছিং টিছ’, বিধায়ক বিদ্যা সিং ইংলেং আৰু ডৰসিং ৰংহাঙৰ সৈতে মত বিনিময় কৰে। বৈঠকত কেএএচিৰ অধ্যক্ষ ৰাজু টিছ’কে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকলো উপস্থিত থাকে।
পিছত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, কেএএচিৰ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে হোৱা আলোচনাৰ সময়ত ধ্বজাবাহী আঁচনি আৰু পদক্ষেপ ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। আলোচনাত বিত্তীয় প্ৰসাৰ আৰু সহায় সূচকৰ অধীনত পিএম-স্বনিধি, পিএমইজিপি, পিএমএফএমই, জল জীৱন অভিযান, স্বচ্ছ ভাৰত অভিযান, পিএমএৱাই (গ্ৰাম্য আৰু নগৰীয়া), আয়ুষ্মান ভাৰত, লাখপতি দিদী আৰু দক্ষতা বিকাশৰ পদক্ষেপসমূহে গুৰুত্ব লাভ কৰে।
ড০ কুমাৰে মাতৃসকলৰ মাজত অধিক সজাগতাৰ জৰিয়তে স্বাস্থ্য খণ্ডত প্ৰতিষ্ঠানিক প্ৰসৱ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাখণ্ডত তেওঁ আধাতে বিদ্যালয় এৰা শিশুৰ হাৰ হ্ৰাস কৰা, উত্তীৰ্ণৰ শতকৰা হাৰ উন্নতি কৰা আৰু আধাৰেত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ আয়োজন কৰাৰ বাবে কেন্দ্ৰীভূত প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। আন্তঃবিভাগীয় সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ সৰ্বাধিক সুবিধা নিশ্চিত কৰিবলৈ স্বাস্থ্য, শিক্ষা আৰু জলসিঞ্চনৰ দৰে খণ্ডসমূহক অগ্ৰাধিকাৰ দিবলৈ বিষয়াসকলক আহ্বান জনায়।
পৰৱৰ্তী দুদিনত মন্ত্ৰীগৰাকীয়ে ছেমেলাংছ’ আকাংক্ষিত ব্লক ভ্ৰমণ কৰাৰ কথা আছে য’ত তেওঁ স্বাস্থ্য সুবিধাসমূহৰ মূল্যায়ন কৰিব আৰু এনজিঅ’ আৰু স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে জড়িত হৈ তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ বুজাৰ লগতে বহনক্ষম উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ পথসমূহ অন্বেষণ কৰিব।