বৰপেটাৰ ফুলৰগুৰিত আজিৰে পৰা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুদিনীয়া ফটো প্ৰদৰ্শনীসহ আউটৰীচ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান।
প্ৰদৰ্শনী উদ্বোধন কৰি বৰপেটা জিলাৰ এডিচি মৌচুমী চেতিয়াই এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচিৰ পদক্ষেপক প্ৰশংসা কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে তৰুণ প্ৰজন্ম আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ সৈতে সচেষ্ট হ’ব। পোষণ অভিযান সন্দৰ্ভত ভাষণ দি শ্ৰীমতী চেতিয়াই কয় যে সকলো বয়সৰ লোকৰ বাবে স্বাস্থ্য সজাগতা অতি প্ৰয়োজনীয় আৰু প্ৰত্যেকেই স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে।
দুদিনীয়া এই প্ৰদৰ্শনীত স্থানীয় আত্মসহায়ক গোটে স্থাপন কৰা কেইবাখনো বিপনীত স্থানীয়ভাৱে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। তদুপৰি, এক বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰো আয়োজন কৰা হয়, য’ত স্বাস্থ্য বিভাগে উপস্থিত লোকসকলৰ প্ৰাথমিক চিকিৎসা আগবঢ়ায়।
এই প্ৰদৰ্শনীত স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত বিভিন্ন ফটো পেনেল প্ৰদৰ্শন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই প্ৰদৰ্শনীত পোষণ অভিযানক বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহো প্ৰদৰ্শন কৰা হৈছে।
অনুষ্ঠানত চিবিচি, ক্ষেত্ৰীয় কাৰ্যালয়ৰ, ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে কাৰ্যসূচীৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ ৰূপৰেখা দাঙি ধৰে।
উদ্বোধনী অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ হাছমত আলী, পাকা বেতবাৰীৰ বিডিঅ’ শ্ৰী চফিকুল ইছলাম, বৰপেটাৰ চিডিপিঅ’ শ্ৰীমতী কংকনা গোস্বামী, সমাজ কল্যাণ বিভাগৰ পৰা ডিএমচি শ্ৰীমতী সুনাইনা দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী শৰৎ চন্দ্ৰ নাথৰ লগতে কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থাকে।
অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ চিত্ৰাংকন, কুইজ আৰু আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় শিল্পী আৰু চিবিচি, গুৱাহাটীৰ অধীনস্থ এটা ব্যক্তিগত পঞ্জীয়নভুক্ত দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।